জ্যেষ্ঠ সাংবাদিক,সমাজকৰ্মী ,অৱসৰপ্ৰাপ্ত শিক্ষক লোকনাথ গগৈৰ পৰলোকপ্ৰাপ্তি

0
1

প্ৰাগজ্যোতিষ বাৰ্তা, হাঁহচৰা শিৱসাগৰৰ পৰা মুকুল বাইলুং, ২ জানুৱাৰীঃ শিৱসাগৰ হাঁহচৰা লেবাং গাঁৱৰ বাসিন্দা তথা জিলাখনৰে জ্যেষ্ঠ সাংবাদিক, সচেতন সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক লোকনাথ গগৈ(৮৫)ৰ আজি পুৱা ১০-২৫ বজাত নিজ গৃহত পৰলোকপ্ৰাপ্তি হয়৷

১৯৩৫ চনত হাঁহচৰা লেবাং গাঁৱত জন্মগ্ৰহণ কৰা গগৈয়ে প্ৰথমতে হাঁহচৰা ছোৱালী হাইস্কুলত(বৰ্তমান হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়) প্ৰতিষ্ঠাতা শিক্ষক হিচাপে বিনা বেতনেৰে সুদীৰ্ঘকাল শিক্ষকতা কৰে ।

ইয়াৰ পাছত ১৯৯৩ চনত বাঁহগড়া চাৰি আলি প্ৰাথমিক বিদ্যালয়ত নিয়মীয়া শিক্ষক হিচাপে যোগদান কৰি এক বৃহৎ অঞ্চলৰ শিক্ষা ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছিল৷

২০০০ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোত লোকনাথ গগৈয়ে উচ্চ ৰক্ত চাপত পুৱা হঠাৎ হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যুক আকোঁৱালি লয়৷

শিৱসাগৰৰ সংবাদ ক্ষেত্ৰত বিশেষ ভূমিকা লৈ ১৯৬৭ চনৰে পৰাই ‘নতুন অসমীয়া’, ‘নীলাচল’ আৰু ‘সাদিন’ৰ সংবাদ পত্ৰত সমাজলৈ বৰঙণি আগবঢ়ায়৷

পৰৱৰ্তী সময়ত স্বাস্থ্য আৰু কৰ্মক্ষেত্ৰৰ বাবে সংবাদ সাহিত্যৰ পৰা আঁতৰি সক্ৰিয় ৰাজনীতিত মনোনিৱেশ কৰে৷ চি পি আইৰ এজন সক্ৰিয় সৈনিক হিচাপে তেওঁক আন এটা পৰিচয়।

হাঁহচৰা সমবায় সমিতিৰ সম্পাদক হিচাপেও কাৰ্যকাল চলাইছিল৷স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ এজন শুভাকাংক্ষী সমাজকৰ্মী হিচাপে অঞ্চলটোত সুনাম থকা গগৈ এজন নিৰ্জু আৰু দায়িত্বশীল ব্যক্তি হিচাপে পৰিচিত আছিল৷

তেখেতৰ মৃত্যুৱে অঞ্চলবাসীক শোকাকুল কৰি তুলিছে৷ বিদায় মুহূৰ্তত তেখেতৰ নশ্বৰ দেহত নাজিৰা জিলা সাংবাদিক সন্থাৰ হৈ ধ্ৰুৱজ্যোতি গগৈ, গ্ৰাম্য সাংবাদিক সন্থাৰ হৈ মুকুল বাইলুং, হাঁহচৰা প্ৰেছ ক্লাৱৰ হৈ ব্ৰজেন ফুকন, চি পি আইৰ আঞ্চলিক সমিতিৰহৈ নিৰঞ্জন চেতিয়া, যোগেশ বুঢ়াগোহাঁই প্ৰমুখ্যে কেইবাজনো ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জনায়৷ আনহাতে চি পি আইৰ জিলা সমিতি, হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়, বিশিষ্ট সমাজকৰ্মী ফণী চেতিয়াই গভীৰ শোক প্ৰকাশ কৰে৷

মৃত্যুৰ সময়ত পত্নী,পুত্ৰ-বোৱাৰী আৰু দুগৰাকী জী-জোঁৱাই সহ নাতি-নাতিনী আৰু অগণন গুণমুগ্ধক ইহ সংসাৰত এৰি যায়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here