কংগ্ৰেছৰ ‘কা’ বিৰোধী আন্দোলনক গাঁওমুখী কৰাৰ প্ৰচেষ্টাঃ নিশা “গাঁৱত থাকো ব’লক” কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২ জানুৱাৰীঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ উদ্যোগত অব্যাহত থকা ‘কা’ বিৰোধী পদযাত্ৰাৰ লগতে জন-জাগৰণ যাত্ৰাৰ অন্তত আজিৰে পৰা কংগ্ৰেছী নেতা সকলে ‘গাঁৱত থাকো ব’লক’ শীৰ্ষক এক কাৰ্য্যসূচী মৰ্মে গাঁৱৰ ৰাইজৰ স’তে নিশা কটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৩০ ডিচেম্বৰৰ নিশা ‘গাঁৱত থাকো ব’লক’ শীৰ্ষক এক কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি সকলো দলীয় নেতাক এই আহ্বান জনাই৷

৩০ ডিচেম্বৰত ‘কা’ বিৰোধী পদযাত্ৰা তথা চামগুৰিত অনুষ্ঠিত হোৱা জন জাগৰণ যাত্ৰাৰ অন্তত চামগুৰি সমষ্টিৰ অন্তৰ্গত মিকিৰহাট গাৱঁত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে নিজেই এখন গৃহস্থীত নিশা কটোৱাৰ লগতে দলীয় কৰ্মী তথা ৰাইজৰ সতে প্ৰত্যক্ষভাৱে মিলিত হয়৷

‘কা’ বিৰোধী আন্দোলনক গাঁওমুখী কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সকলো নেতা- কৰ্মীক আহ্বান জনোৱাৰ লগতে আজি পুৱা এখন সংবাদ মেল সম্বোধন কৰে ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ‘কা’ আইনৰ বিৰুদ্ধে সকলো অসমবাসীক গণতান্ত্ৰিকভাৱে ওলাই আহিবৰ বাবে আহ্বান জনাই৷

কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ বিৰূদ্ধে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সোচ্ছাৰ হৈ পৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসম আৰু অসমীয়াৰ শত্ৰু আখ্যা দিয়াৰ লগতে কোনোকালে অসমীয়া ৰাইজে এওঁলোকক ক্ষমা নকৰিব বুলিও জানিবলৈ দিয়ে৷

‘কা’ আইনৰ বিৰুদ্ধে আজি অসমীয়া ৰাইজ ওলাই অহাত বন্দুক আৰু লাঠীৰে কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা কৰিছে৷ যিটো গণতন্ত্ৰৰ পৰিপন্থী বুলি সভাপতি গৰাকীয়ে মন্তব্য কৰে৷

অখিল গগৈ,জীতেন দত্ত আৰু শৃংখল চলিহাৰ প্ৰসংগ উল্লেখ কৰি সভাপতি গৰাকীয়ে লগতে কয় যে এই লোক কেইজনে ‘কা’ ৰ বিৰুদ্ধে আন্দোলন চলোৱাৰ বাবে বিভিন্নভাৱে ভুৱা গোচৰ জাপি দি জেললৈ পঠিয়াইছে, কিন্তু তেনে সময়তে বিজেপি বিধায়ক মৃনাল শইকীয়াই ৰাজহুৱা সভাত উচতনিমূলক বক্তব্য দি আজিও মুকলিভাৱে ঘূৰি ফুৰা কাৰ্যক তীব্ৰভাৱে সমালোচনা কৰাৰ লগতে মুখ্যমন্ত্ৰীক ‘খেনোক দেখি ভাত ৰান্ধে, খেনোক দেখি দুৱাৰ মাৰে’ বুলি কৈ সাহস আছে যদি মৃনাল শইকীয়াক জেললৈ প্ৰেৰণ কৰিবলৈ দাবী জনাই ৷

আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মিছলীয়া আখ্যা দি অসমীয়া ৰাইজক ভূল পথেৰে পৰিচালিত কৰিছে বুলি জানিবলৈ দিয়াৰ লগতে পুনৰ বাৰ অসমত ৰাজ্যিক ভাষা অসমীয়া হ’ব বুলি কোৱা কথাক তীব্ৰভাৱে সমালোচনা কৰে৷

কিয়নো অসমত ৰাজ্যিক ভাষা হিচাপে ১৯৬০ চনতে স্বীকৃতি পাইছিল বুলি সংবাদমেলত জানিবলৈ দিয়ে৷মন্ত্ৰী হিমন্তক অসমীয়া ৰাইজক আভুৱা ভৰাৰ আগতে সংবিধানৰ ৩৪৭ অনুচ্ছেদ পঢ়িবলৈ কৈ ৰিপুন বৰাই ভূমি নীতিৰ সন্দৰ্ভত ভূল বাখ্যা নিদিবৰ বাবে আহ্বান জনাই৷

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক সংগ দি বিধায়ক ৰকিবুল হুছেইন, নুৰুল হুদাকে আদিকে ধৰি কংগ্ৰেছৰ বহুকেইজন নেতা উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here