জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যক ‘আৰোহণ বঁটা’ প্ৰদান

0
2

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২ ডিচেম্বৰঃ নগাঁও জিলাৰ চামগুৰিৰ সু সন্তান, জেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যক চামগুৰিৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক গোষ্ঠী ‘আৰোহণে’ মঙলবাৰে ২০১৯-২০২০বৰ্ষৰ আৰোহণ বঁটা প্ৰদান কৰে।

১৯৯৩ চনতে ‘আজিৰ সংবাদ’ দৈনিক কাকত খনৰ জৰিয়তে চামগুৰিৰ পৰা সংবাদ সেৱা আগবঢ়াইছিল আদিত্য‌ই।

মফছলীয় সাংবাদিক হিচাপে “আজিৰ সংবাদ” কাকতৰ জৰিয়তে সংবাদ সেৱা আৰম্ভ কৰা তথা বৰ্তমানৰ জ্যেষ্ঠ সাংবাদিক হিচাপে প্ৰতিষ্ঠিত পৰাগমণি আদিত্যক ৩১ ডিচেম্বৰৰ নিশা চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ভ্ৰাম্যমান নাট্যদল চিৰঞ্জীৱ থিয়েটাৰৰ মঞ্চত এই বঁটা প্ৰদান কৰা হয়।

আৰোহণ গোষ্ঠীয়ে এই বঁটাৰ জৰিয়তে বিশিষ্ট সাংবাদিকগৰাকীক এখন ফুলাম গামোচা, এখন শৰাই, এটা স্মাৰক আৰু এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে৷

উল্লেখ্য যে নিজৰেই জন্মস্থান নগাঁৱৰ চামগুৰিত বঁটা গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিকগৰাকী উৎফুল্লিত হৈ পৰাৰ লগতে ‘কা’ বিৰোধী আন্দোলনত মৃত্যু বৰণ কৰা ৫ জন শ্বহীদলৈ এই বঁটা আনুষ্ঠানিকভাৱে অৰ্পণ কৰে।

বিশিষ্ট সাংবাদিক পৰাগমণি আদিত্যই বৰ্তমান সম্পাদক হিচাপে সংবাদ সেৱা আগবঢ়াই থকা টাইম ৮ ৰ পূৰ্বে আজিৰ সংবাদ,আসমীয়া প্ৰতিদিন, আমাৰ অসম, দৈনিক জনমভূমি, দৈনিক জনসাধাৰণ, নিউজ লাইভ আৰু নিউজ ১৮ আচাম নৰ্থ ইষ্টত বলিষ্ঠভাৱে সংবাদ সেৱা আগবঢ়াইছিল।

চামগুৰি নিবাসী প্ৰয়াত শ্ৰীমন্ত আদিত্য আৰু পূষ্পাঞ্জলি আদিত্যৰ পুত্ৰ পৰাগ মণি আদিত্য‌ই বৰ্তমানে অসমৰ কেইবাটাও সাংবাদিক শিক্ষা প্ৰতিষ্ঠানত বিশেষ পাঠদান দি আহিছে।

সাংবাদিক আদিত্য‌ই বঁটা গ্ৰহণ কৰি পূৰ্বৰ সাংবাদিকতা জীৱনৰো কিছু স্মৃতি ৰোমন্থন কৰি আপ্লুুত হৈ পৰে। আৰোহণ গোষ্ঠীয়ে ২০১৬ বৰ্ষৰ পৰাই একাদিক্ৰমে বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ সাধক কালিবাদক কলিৰাম বৰা, বিশিষ্ট নাট্যকাৰ অভিনেতা পল্লব পবন বৰা,সঙ্গীত শিল্পী পাৰ্শ্বজ্যোতি দাসক ইতিমধ্যে আৰোহণ বঁটা প্ৰদান কৰিছে।

এই মঞ্চতে ২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চামগুৰি পৰীক্ষা কেন্দ্ৰৰ পৰা সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থী লক্ষ্যজিৎ মুক্তিয়াৰ আৰু ডলি বাগলাৰী, লগতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থী আয়েচা ছিদ্দিকাকো একোখনকৈ শৰাই, গামোচা, মানপত্ৰ, জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here