মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ) নগাঁও জিলা সমিতিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সম্পন্ন

0
2

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২ ডিচেম্বৰঃ নগাঁও জিলাৰ পুৰণিগুদামস্থিত বধিৰ বিদ্যা মন্দিৰত আজি মানৱ অধিকাৰ সংগ্ৰাম সমিতি(মাছ) নগাঁও জিলা সমিতিৰ এখন বৰ্দ্ধিত কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়৷

মাছৰ নগাঁও জিলা সমিতিৰ সচিব বোধেন বৰাই উদেশ্যে বাখ্যা কৰা আৰু মাছৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহক সদস্য ভৱমণি শইকীয়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত বৰ্দ্ধিত কাৰ্য্যনিৰ্বাহ সভাতে ইতিপূৰ্বে নীলৰঞ্জন শৰ্মাক অধ্যক্ষ, মোহন বৰা আৰু জয়ন্তী দাসক উপাধ্যক্ষ, বোধেন বৰাক সচিব, ইন্টু শৰ্মাক বিত্ত সচিব হিচাপে লৈ গঠন হোৱা ২১ জনীয়া নৱ নিৰ্বাচিত সমিতিখনক সৰ্ব্ব সন্মতি ক্ৰমে দায়িত্ব অৰ্পণ কৰে কেন্দ্ৰীয় সমিতিৰ সচিব লক্ষী প্ৰসাদ ডেকাকে ধৰি মাছৰ বহু সংখ্যক সদস্যৰ উপস্থিতিত হোৱা সভাতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ল’ব লগা গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ কাৰ্য্যসূচী সন্দৰ্ভত আলোচনা কৰা হয়৷

অনুষ্ঠানৰ আৰম্ভনিতে ‘কা’ আইন বিৰোধী আন্দোলনত মৃত্যু বৰণ কৰা পাঁচগৰাকী শ্বহীদৰ প্ৰতি সভাই শ্ৰদ্ধা নিবেদন কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here