সঁফুৰা বৃত্তি পৰীক্ষাত বিদ্যাকুঞ্জ জাতীয় বিদ্যালয় , খামুনৰ ৯১.৪৮ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰৰ পৰা মুকুল বাইলুং, ৩ জানুৱাৰীঃ শিশু আলোচনী সঁফুৰাৰ উদ‍্যোগত ২০১৯ বৰ্ষত অনুষ্ঠিত প্ৰতিভা সন্ধানী পৰীক্ষাত বিশেষ কৃতিত্ব লাভ কৰিছে বিদ্যাকুঞ্জ জাতীয় বিদ্যালয় ,খামুনে।বিদ্যালয়খনৰ পৰা ৪৭ গৰাকী ছাত্র-ছাত্ৰীয়ে সঁফুৰা প্ৰতিভা সন্ধানী পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

ইয়াৰ ১২ গৰাকী পৰীক্ষাৰ্থী জলপানী সহ উত্তীৰ্ণ হয়। ৩১ গৰাকী ছাত্র-ছাত্ৰীয়ে ৬০%‌ নম্বৰ সহ উত্তীৰ্ণ হ’বলৈ সক্ষম হ‌য়।

স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকল ক্ৰমে অনুৰাগ দিহিঙীয়া, উৎপল দিহিঙীয়া, জ‍্যোতিস্মান গগৈ, ভাৰ্গৱ শেনছোৱা, নয়নজিৎ গগৈ, ৰাজদীপ শেনছোৱা, অৰ্থনীল বৰুৱা, অলিম্পিয়া বুঢ়াগোহাঁই, মনময়ুৰ গগৈ, বিকাশ গগৈ, অভিলেখ চেতিয়া, শুভাৰ্শীষ দিহিঙীয়া।

বিদ্যাকুঞ্জ জাতীয় বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা পৰীক্ষা কেন্দ্ৰটোৰ সমন্বয়কৰ দায়িত্বত থকা শিক্ষক নিৰোদ গগৈক বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে কৃতজ্ঞতা জ্ঞাপন কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here