হোজাইৰ উপায়ুক্ত কাৰ্যালয়ত অসম হাইস্কুল শিক্ষক সন্থাৰ হোজাই জিলা সমিতিৰ অৱস্থান ধৰ্মঘট

0
11

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৪ জানুৱাৰীঃ জাতিধ্বংসী “কা”ৰ বিৰুদ্ধে হোজাইৰ উপায়ুক্ত কাৰ্যালয়ত শণিবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে অসম হাইস্কুল শিক্ষক সন্থাৰ হোজাই জিলা সমিতিয়ে।

সমগ্ৰ অসমতে আজি সংগঠনটোৱে ৰূপায়ণ কৰা ধৰ্মঘট কাৰ্যসূচীৰ অংশস্বৰূপে হোজাই জিলা সমিতিৰ শিক্ষকসকলেও “কা” বাতিলৰ দাবীৰ লগতে কা বিৰোধী আন্দোলনত শ্বহীদ হোৱা ৫জন লোকলৈকো সমবেদনা জ্ঞাপন কৰে।

আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৰ হোজাই জিলা সমিতিখনে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসমৰ ভাষা-সংস্কৃতি সুৰক্ষিত ৰখাৰ স্বাৰ্থত নাগৰিকত্ব আইনখনক বাতিল কৰাৰ ক্ষেত্ৰত উদ্যেগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

আনহাতে,অসম হাইস্কুল শিক্ষক সন্থাৰ কেইবাটিও দাবী,বিশেষকৈ ছেৱাৰ দ্বাৰা দশম শ্ৰেণীৰ স্বীকৃতিপ্ৰাপ্ত সকলোবোৰ ৰাজহুৱা খণ্ডৰ মাতৃভাষাৰ বিদ্যালয় প্ৰাদেশীকিকৰণ,প্ৰাদেশিকীকৰণত বাদ পৰি যোৱা শিক্ষক-কৰ্মচাৰীসকলক চৰ্তহীনভাৱে পদসমূহ প্ৰাদেশিকীকৰণ কৰা আৰু প্ৰাদেশিকীকৃত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলক পুৰণা পেঞ্চন নীতিৰ অধীনলৈ অনাৰ দাবী উত্থাপন কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here