মাৰ্ঘেৰিটাৰ কংগ্ৰেছ নেতা মনোৰঞ্জন বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ৪ জানুৱাৰীঃ মাৰ্ঘেৰিটাৰ তথা উজনিৰ অসমৰ কংগ্ৰেছ দলৰ মুখপত্ৰ মনোৰঞ্জন বুঢ়াগোহাঁইক যোৱা কালি মাৰ্ঘেৰিটা আৰক্ষীয়ে ৰাতিপুৱা সোধপোচৰ বাবে থানালৈ লৈ আনে আৰু সোধপোচৰ অন্তত নিশা গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে কংগ্ৰেছ নেতা গৰাকীয়ে ‘কা’ৰ বিৰোধীতা কৰি মাৰ্ঘেৰিটাত বিভিন্ন ধৰণৰ প্ৰতিবাদত অংশগ্ৰহণ কৰি আহিছিল।

আৰক্ষীয়ে কংগ্ৰেছ দলৰ উজনিৰ অসমৰ মুখপত্ৰগৰাকীক এনেদৰে গ্ৰেপ্তাৰ কৰাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যিহেতু বিগত সময়চোৱাত মাৰ্ঘেৰিটা চোৰাং কয়লাৰ অবৈধ বেহা সন্দৰ্ভতো নেতাজনে সৰৱ ভূমিকা গ্ৰহণ কৰি আহিছিল তাৰ পৰিণতিতে নেতাজনৰ বিৰূদ্ধে কেইবাটাও ধাৰা লগাই গ্ৰেপ্তাৰ কৰা হ’ল নেকি বুলিও মাৰ্ঘেৰিটাৰ সচেতনমহলে সন্দেহ প্ৰকাশ কৰিছে।

আজি নেতাজনক মাৰ্ঘেৰিটা আৰক্ষীয়ে মাৰ্ঘেৰিটাৰ মহকুমা ন্যায়িক আদালতত হাজিৰ কৰাই, আদালতে নেতাজনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here