‘কা’ বাতিলৰ দাবীত গোগামুখ তুলসীবাৰীত যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল কাৰ্যসূচীঃ এইবাৰ গাৱঁত ‘কা’ বিৰোধী আন্দোলন

0
1

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া,৬ জানুৱাৰীঃ ‘কা’ বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদে জ্বলি থকাৰ সময়তে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে এই ‘কা’ বিৰোধী আন্দোলন গাৱঁলৈ লৈ আহিছে ।

ধেমাজি জিলাৰ গোগামুখ তুলসীবাৰীত আজি শতাধিক প্ৰতিবাদ কাৰীয়ে হাতে হাতে জোঁৰ লৈ কা আমি নামানো, কা আমাক নালাগে, কেন্দ্ৰীয় চৰকাৰ গ’বেগ,অসম চৰকাৰ গ’বেগ,সৰ্বানন্দ সোণোৱাল গ’বেগ আদি চৰকাৰ বিৰোধী প্ৰতিবাদী শ্ল’গানে তুলসীবাৰী অন্চঞ্চলৰ বহুকেইখন গাৱঁৰ ৰাষ্টা-ঘাট কঁপাই তোলে।

 

যুৱ ছাত্ৰ পৰিষদ গোগামুখ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু তুলসীবাৰী অঞ্চলৰ ৰাইজৰসহযোগত এই জোঁৰ সমদলেৰে চৰকাৰলৈ সকীয়নি প্ৰদান কৰি কয় যে এই ‘কা’ বাতিল কৰক, নহ’লে ২০২১ত অসম চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি হুংকাৰ প্ৰদান কৰে।

লগতে ‘কা’ বাতিল নকৰা পৰ্যন্ত যুৱ-ছাত্ৰ পৰিষদে ধাৰাবাহিকভাৱে আন্দোলন চলাই নিব বুলি হুংকাৰ প্ৰদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here