ধেমাজিৰ স্বেচ্ছাসেৱী সংগঠন ‘চেড্’ৰ প্ৰশংসনীয় পদক্ষেপঃ মানসিক স্বাস্থ্য শিবিৰৰ বৰ্ষপূৰ্তি উপলক্ষ্যত স্বাস্থ্য সজাগতা সভা সম্পন্ন

0
1

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ৬ জানুৱাৰীঃ ধেমাজি জিলাৰ অগ্ৰনী আৰ্থ-সামাজিক স্বেচ্ছাসেৱী সংগঠন ‘চেড্’ই ২০০২ চনৰ পৰাই সামাজিক দ্বায়বদ্ধতাৰে কাম কাজ অব্যাহত ৰাখিছে৷

স্বেচ্ছাসেৱী সংগঠনটোৱে ২০১৭ চনৰ পৰা Mental illness treatment in Assam চমুকৈ ‘মিতা’ আঁচনিৰ জৰিয়তে মানসিক বিকাৰগ্ৰস্ত ৰোগীসকলৰ চিকিৎসাৰ বাবে এক ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰি জিলাখনৰ লগতে মাজুলী, ঢকুৱাখনা, ডিব্ৰুগড়, লখিমপুৰ আদি অঞ্চলৰ প্ৰায় তিনিশতাধিক ৰোগীক চিকিৎসাৰ জৰিয়তে আৰোগ্য কৰাত প্ৰশংসনীয় কাৰ্য ৰূপায়ণ কৰি আহিছে৷

https://youtu.be/MUfVXbXed-g

সফলতাৰে দুবছৰ স্বাস্থ্য শিবিৰটি পৰিচালনা কৰি অহা সংগঠনটোৱে আজি ধেমাজি কোৱাফলাস্থিত কাৰ্যালয় প্ৰাঙ্গণত এখন মানসিক স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত কৰি দুবছৰীয়া বৰ্ষপূৰ্তি আয়োজন কৰে৷

শতাধিক ৰোগী, আত্মীয়ৰ লগতে বহুজনে অংশগ্ৰহণ কৰা সভাত সকলোৱে স্বেচ্ছাসেৱী সংগঠনটোৰ মানৱদৰদী কাৰ্যক একেমুখে প্ৰশংসা কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here