মাৰ্ঘেৰিটাৰ উলুপত ‘কা’ বাতিলৰ দাবীত জোঁৰ সমদল

0
1

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ৬ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত সমগ্ৰ অসমতে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে যোৱা ৪ জানুৱাৰী সন্ধিয়া জোঁৰ সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালকৈ ‘কা’ৰ বিৰোধী আন্দোলনৰ কাৰ্যসূচী অনুসৰি মাৰ্ঘেৰিটাতো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটাৰ আঞ্চলিক সমিতিয়ে জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে।

যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটাৰ আঞ্চলিক সমিতিয়ে আজি সন্ধিয়া উলুপৰ পৰা ইনথেমলৈ এক এক বৃহৎ জোঁৰ সমদল বাহিৰ কৰে।

উক্ত জোঁৰ সমদল কাৰ্যসূচীত যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা সঞ্জীৱ উলুপৰ লগতে সাধাৰণ সম্পাদক কাঞ্চন বড়াই অংশগ্ৰহণ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here