ডিগবৈত বনৰীয়া হাতীৰ উপদ্ৰৱঃ পকী ঘৰ ভাঙি লণ্ড ভণ্ডঃ কথমপি প্ৰাণ ৰক্ষা পৰিয়ালৰ লোকৰ

0
3

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ৮ জানুৱাৰীঃ ডিগবৈত নাজিৰাটিংত চলিছে বনৰীয়া হাতীৰ উপদ্ৰৱ৷

৬ জানুৱাৰীৰ নিশা এটা পকী ঘৰ আৰু দুটা বাহৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰে বনৰীয়া হাতীৰ এটা জাকে৷

পকী ঘৰটোত ৰাধেশ্যাম ঠাকুৰ আৰু বাহৰ ঘৰ দুটাৰ গৰাকী  কৃষান ঠাকুৰ মোহন পানিকা৷ কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়াল দুটাৰ লোকৰ।

বন বিভাগে গুৰুত্ব নিদিয়া অভিযোগ উত্থাপন হৈছে৷ নাজিৰাটিং বনাঞ্চলত ধ্বংসযজ্ঞ চলা বাবেই অঞ্চলটোত চলিছে হাতীৰ উপদ্ৰৱ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here