মাৰ্ঘেৰিটাত চাৰিখন কয়লা ভৰ্তি ডাম্পাৰসহ এখন জেচিবি জব্দ

0
14

প্ৰাগজ্যোতিষ বাৰ্তা, পেঙেৰৰ পৰা অৰুণ ভূঞা, ৯ জানুৱাৰীঃ যোৱা সাত জানুৱাৰী তাৰিখে পুৱা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষীৰ থানা অন্তৰ্গত নামটকৰ পৰা চাৰিখন কয়লা ভৰ্তি ডাম্পাৰসহ এখন জেচিবি জব্দ আৰক্ষীয়ে জব্দ কৰে।

জব্দ কৰা ডাম্পাৰত থকা কয়লাখিনিৰ মূল্য কেইবা লক্ষ্য টকা হ’ব বুলি জানিবলৈ দিয়ে।

ৰাজ্যত কয়লা ছিণ্ডিকেট কেন্দ্ৰ কৰি সৰৱ চৰ্চা চলি থকাৰ সময়তে ‘কেব’ আৰু পৰৱৰ্তী সময়ত ‘কা’ বিৰোধী আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰে।

ইয়াৰ লগে লগে উজনি অসমৰ মাৰ্ঘেৰিটাৰ, লিডু আৰু ইয়াৰ অঞ্চলৰ পৰা ব্যাহত হৈ পৰে কয়লা সৰবৰাহ, জেচিবি, পকলেন আদিৰ গাড়ী ব্যৱহাৰ কৰি নামদাং, নামটকত, টিকক, ফিনবৰু আদি অঞ্চলত খনন কৰি কয়লা ব্যৱসায়ীয়ে জমা কৰি ৰখা কয়লা সৰবৰাহ বন্ধ হোৱাৰ সময়তে অবৈধভাৱে খনন কৰি স্থানীয় কুক উদ্যোগলৈ সৰবৰাহ কৰিবলৈ লওতে আৰক্ষীয়ে জব্দ কৰে।

জব্দ কৰা ডাম্পাৰত কেইখনৰ নম্বৰ হল এ.এছ-০৬-এ.চি ৮০৪৬,এ.এছ-২৩ বি.চি-২৩৪৬, এ.এছ-০৯ এ.চি ৫৭৯৫, এ.এছ-০৬ বি.চি ৬৫৮৬।

উল্লেখ্য যে এইদৰে অবৈধভাৱে চোৰাং কয়লা সৰবৰাহ কৰি আছে একাংশ কুখ্যাত কয়লা মাফিয়াই বুলি এক সূএই জানিবলৈ দিয়ে।

আনহাতে ‘কা’ বিৰোধী আন্দোলন চলি থকা সময়তে চৰকাৰে আন্দোলন শান্ত কৰিবৰ বাবে সন্ধ্যা আইন বলৱৎ কৰাৰ সময়তে নিশাও ডাম্পাৰে ডাম্পৰে স্থানীয় কোক উদ্যোগলৈ সৰবৰাহ কৰি আহিছিল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here