ধেমাজি শান্তি সমদলত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজিৰ পৰা ললিত শইকীয়া, ৯ জানুৱাৰীঃ কা, বাতিলৰ দাবীত ৰাজ্যৰ প্ৰতিখন জিলাতে উতপ্ত পৰিস্থিতি সৃষ্টি হোৱা দেখা পোৱা গৈছে ।

তাৰ সমান্তৰালভাৱে ৮ জানুৱাৰীত ধেমাজি জিলা ৰং চটিয়া পথাৰত ধেমাজি বি জে পিৰ কাৰ্যকৰ্তাসকলে এক শান্তি-সমদল কাৰ্যসূচী ৰূপায়ণ কৰে।

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, ধেমাজিৰ বিধায়ক ৰনোজ পেগু আৰু লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী পীযুষ হাজৰিকা, পল্লৱ লোচন দাস, জয়ন্ত মল্ল বৰুৱাই।

মন্ত্ৰী, বিধায়কসকলে অনুষ্ঠানৰ ভাষণ প্ৰদানত কয়, যে নাগৰিকত্ব সংশোধনী আইন ২০১৯ আনিব বিচৰাক লৈ একো ভুল কৰা নাই, খিলঞ্জীয়া মানুহক সুৰক্ষা দিবহে বিচাৰিছো।

আমি অসমীয়া জাতিৰ অস্তিত্ব শেষ কৰিব বিচৰা নাই কিছুমান মানুহৰ ভুল বাৰ্তাৰ বাবে আজি জিলাসমূহত উতপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা বাবে আজি জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে এক বিশাল শান্তি সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি জানিবলৈ দিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here