কা, বাতীলৰ দাবীত ‘ধেমাজিত বাজিল ৰণশিঙা’

0
1

প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজি পৰা ললিত শইকীয়া, ৯ জানুৱাৰীঃ সমগ্ৰ অসমতে ‘কা’ বাতিলৰ দাবীত বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে ।

তাৰ সমান্তৰাল ভাৱে আজি ধেমাজি জিলা কাছাৰী ময়দানত,সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতি, ধেমাজি শিল্পী সমাজৰ উদ্যোগত,আৰু কা বিৰোধী সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ সহযোগত নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল দাবীত ধেমাজি মাজ মজিয়াত বাজিল ৰণশিঙা।

উক্ত অনুষ্ঠানত অংশগ্ৰহন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুইন জ্যোতি গগৈ।

অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাই, কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা।

প্ৰতিবাদ স্থলী পৰাই, প্ৰতিবাদীসকলে একেমুখে কয়, কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন ২০১৯ মানি লোৱা নহ’ব।

দেহত এক বিন্দু তেজ থকালৈকে এই সংগ্ৰাম আগবঢ়াই যোৱা মত, প্ৰকাশ কৰিছে আৰু খিলঞ্জীয়া ৰাইজক বি জে পি চৰকাৰৰ মিছা কথাত ভোল নাযাবলৈ আহ্বান জনাইছে ছাত্ৰ সংগঠনৰ নেতৃবৃন্দই।

সংগ্ৰামীসকলে বি জে পি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানৰ লগতে থলুৱা বাদ্যযন্ত্ৰ লৈ যেনে-বৰকাঁহ, তাল,নাগাৰা,ঢোল, খোল,পেঁপা,বাঁহী,দবা,শংখ, আদি বজাই আকাশ বতাহ কঁপাই তোলে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here