নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবীত অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদী সমদল

0
2

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ৯ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন (কা) বাতিলৰ দাবীত অসম চাহ মজদুৰ সংঘই উত্তাল কৰিলে মাৰ্ঘেৰিটা ৰাজপথ ৷

৮ জানুৱাৰীত মাৰ্ঘেৰিটাত অসম চাহ মজদুৰ সংঘ উদ্যোগত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰে৷ অসম চাহ মজদুৰ সংঘ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত তথা আটছা আৰু আছা মাৰ্ঘেৰিটা শাখাৰ সহযোগত কেইবা শতাধিক পুৰুষ মহিলাই প্ৰতিবাদী সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷

মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় খেলপথাৰৰ পৰা ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে উত্তৰ মাৰ্ঘেৰিটাৰ ৰঙ্গমঞ্চৰ লৈকে পদযাত্ৰা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল ৷

প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল কৰিলে তুলিলে মাৰ্ঘেৰিটা ৰাজপথ৷

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বেচৰকাৰীকৰণ কৰাৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰাৰ লগতে “কা”ৰ বাতিল নকৰা পৰ্যন্ত আন্দোলন চলাই যোৱাৰ হুংকাৰ প্ৰদান কৰিছে অসম চাহ মজদুৰ সংঘই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here