নাগৰিকত্ব সংশোধনী আইন(কা) প্ৰত্যাহাৰৰ দাবীত পেঙেৰীতো অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদী সমদল

0
6

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ৯ জানুৱাৰীঃ ৰাজ্যজুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন(কা) বিৰোধী প্ৰতিবাদ । ‘কা’ৰ বাতিলৰ দাবীত অসম চাহ মজদুৰ সংঘই উত্তাল কৰিলে পেঙেৰী ৰাজপথ ।  অসম চাহ মজদুৰ সংঘ উদ্যোগত পেঙেৰীত আজি এক বৃহত প্ৰতিবাদী  কাৰ্যসূচীৰ ৰূপায়ম কৰা হয় ৷  অসম চাহ মজদুৰ সংঘ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত তথা ‘আটছা’ আৰু ‘আছা’ৰ পেঙেৰী শাখাৰ সহযোগত কেইবা শতাধিক পুৰুষ মহিলাই প্ৰতিবাদী সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ 

অসম চাহ মজদুৰ সংঘই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শ্ৰমিক বিৰোধী নীতিক গৰিহণা দিয়া লগতে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ বেচৰকাৰীকৰণ কৰাৰ সিদ্ধান্তত জাঙুৰ খাই উঠিছে| প্ৰতিবাদকাৰী সকলে কোনো কাৰণতে ‘কা’ৰ মানি লোৱা ন’হব বুলি কোৱা লগতে ‘এই আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন চলাই যোৱাৰ হুংকাৰ প্ৰদান দিয়ে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here