হোজাইৰ মোৰাঝাৰত পথ দুৰ্ঘটনাত নিহত ৯ বছৰীয়া শিশুঃ দূৰ্ঘটনাত আহত বাইকৰ চালক

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৯ জানুৱাৰীঃ আজি হোজাইৰ মোৰাঝাৰত সংঘতিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। মোৰাঝাৰৰ বৰাহৰত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাত নিহত হয় এটি ৯ বছৰীয়া শিশু।দ্ৰুতবেগী বাইকে মহতিয়াই নিলে শিশুটিক।

দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ নম্বৰ এ এছ-০২ এএ ৭৫৫৬। পিছত শিশুটিক ততাতৈয়াকৈ দীঘলজাৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়ত উপযুক্ত সা-সুবিধা নথকাৰ বাবে শিশুটিৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

মৃত শিশুটিৰ নাম ইনজামুল হক৷ ইনজামুলৰ ঘৰ মোৰাজাৰৰ বৰহাওৰত বুলি জানিব পৰা গৈছে৷

উদণ্ড বাইক চালকৰ উদ্ভণ্ডালীৰ বাবে বাইকৰ খুন্দাত প্ৰাণ হেৰুৱালে ইনজামুলে। আনহাতে,বাইক চালক জনো বৰ্তমান হোজাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধী হৈ আছে।

দুৰ্ঘটনা সংঘটিত কৰা বাইকখন বৰ্তমান আৰক্ষীয়ে জব্দ কৰি শিশুটিৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here