পাটকাই গর্জনেৰে কা বাতিলৰ দাবীঃ টিৰাপ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলন, ছাত্ৰ সন্থা, বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু ৰাইজৰ সহযোগত উত্তাল চাও লুং ছুকাফা ৰংগমঞ্চ বাকৰি

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ৯ জানুৱাৰীঃ তিনিচুকীয়া জিলাৰ লেখাপানীৰ দিহিং পাটকাই মহোৎসৱস্থলীত আজি প্ৰতিকূল বতৰকো নেওচি শত-সহস্ৰ ৰাইজ ওলাই আহিল জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন(কা) বাতিলৰ দাবীত।

মাৰ্ঘেৰিটা মহকুমা আৰু টিৰাপ মৌজাৰ বিভিন্ন প্ৰান্তৰ জাতীয়-জনগোষ্ঠীয় দল-সংগঠন আৰু জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ‘কা’ৰ বিৰোধিতাৰে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলা দেখা গ’ল চাও-লুং-ছুকাফা ৰংগমঞ্চ বাকৰি।

আজিৰ এই পাটকাই গৰ্জন কাৰ্যসূচীত অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি জাতিধ্বংসী আইন খনৰ তীব্ৰ বিৰোধিতা কৰা দেখা গ’ল।

অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা আৰু মনজিত মহন্ত উপস্থিত থাকি কা’ৰ বিৰোধিতাত উদাত্ত ভাষণ প্ৰদান কৰা দেখা গ’ল।

সাংবাদিক অজিত কুমাৰ ভূঞাই তেওঁৰ ভাষণ প্ৰসংগত কয় যে ‘কা’ৰ বিৰোধিতা কৰাৰ বাবে চৰকাৰী পক্ষৰ পৰা তেওঁক বিভিন্ন ভয়-ভাবুকি আৰু হেঁচা প্ৰয়োগ কৰা হৈছে যদিও জীয়াই থকা পৰ্যন্ত চৰকাৰৰ এনে ধৰণৰ জাতিধ্বংসী কামকাজৰ বিৰোধিতা কৰি যোৱাৰ বাবে তেওঁ দৃঢ়প্ৰতিজ্ঞ।

এই অনুষ্ঠানত জনপ্ৰিয় শিল্পী বিপিন চাওদাং আৰু লোহিত গগৈ,অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উদয়ণ গগৈ অংশগ্ৰহণ কৰি কা’ৰ বিৰুদ্ধে প্ৰতিবাদী ভাষণ প্ৰদান কৰা দেখা গ’ল। প্ৰতিবাদ স্থলীত এগৰাকী কণমানি শিশুৰ ভাষ্যই কঁপাই তুলিলে ৰাইজক।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here