মহানগৰীত ভোগালীৰ মেলাৰ ব্যাপক আয়োজন

0
19

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১০ জানুৱাৰীঃ হেঁপাহৰ ভোগালীলৈ মাজত মাথোঁ কেইটামান দিন।

পূৰ্বৰ তুলনাত ৰাজ্যত ভোগালীৰ উৎসাহ উদ্দীপনা কম যদিও ইতিমধ্যে আৰম্ভ হৈছে মেজি, ভেলাঘৰ ঘৰ সজাৰ ব্যস্ততা।

সমান্তৰালভাৱে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ বিভিন্ন অঞ্চলত আৰম্ভ হৈছে ভোগালী মেলাৰ আয়োজন।

উল্লেখযোগ্য যে ইতিমধ্যে মহানগৰীৰ মাজ-মজিয়া লক্ষ্মীধৰ বৰা ক্ষেত্ৰত ৮ জানুৱাৰীৰ পৰা ‘বৰ অসমৰ’ সৌজন্যত আৰম্ভ হৈছে ভোগালী মেলা এই মেলাত উপলব্ধ হৈছে, দৈ ক্ৰীম , লালু, পিঠা, তিল, বৰা চাউলৰ চিৰাৰ লগতে হাঁহ, কুকুৰা, পাৰ আৰু গাহৰিৰ মাংস।

ক্ৰমবৰ্ধ মানভাৱে বস্তু সামগ্রীৰ মূল্য বৃদ্ধিৰ প্ৰভাৱৰ ফলত বিপনীসমূহত লাৰু পিঠাৰ লগতে মাংসৰ দাম বঢ়া দেখিব পোৱা গৈছে।

মুঠ ৪২ খন বপনীৰে আৰম্ভ হোৱা এই মেলাত প্ৰতি প্লেট হাঁহৰ মাংসৰ দাম 200 টকা, প্ৰতি প্লেট পাৰৰ মাংসৰ দাম ১৫০টকা, মুৰ্গী মাংসৰ প্ৰতি প্লেটৰ দাম ১৫০ হোৱা পৰিলক্ষিত হৈছে।

আনহাতে এই মেলাত এইবাৰ মাহকৰাইও উপলব্ধ হৈছে। লক্ষণীয়ভাৱে এই মেলাৰ বিপনীসমূহত দেখা গ’ল কা’বিৰোধী শ্ল’গান আৰু বিপনিৰ গৰাকীসমূহে লগালে কা বিৰোধী বেজ।

ইয়াৰ উপৰিও লক্ষ্মীধৰ বৰা ক্ষেত্ৰৰে আন এটা অংশত আজিৰে পৰা আৰম্ভ হৈছে চিৰ সেউজ কলা কৃষ্টি কেন্দ্ৰৰ সৌজন্যত দ্বাদশ ভোগালীৰ আয়োজনৰ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here