চাপানলাত ‘কা’ বিৰোধী স্থিতি স্পষ্ট কৰি তীব্ৰ প্ৰতিবাদঃ ‘কা’ আইন বাতিলৰ দাবীত “ৰণশিঙা”ৰ আয়োজন

0
9

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১০ জানুৱাৰীঃ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে আজি নগাঁৱৰ ঐতিহ্যমণ্ডিত চাপানলাত পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থা আৰু কা বিৰোধী সমন্বয়ৰক্ষী সমিতি,পুৰণিগুদামৰ উদ্যোগত তথা চাপানলা শাখা ছাত্ৰ সন্থা আৰু চাপানলাবাসী ৰাইজৰ সহযোগত কা বিৰোধী স্থিতি স্পষ্ট কৰি এক তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়৷

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিলৰ দাবীত আয়োজন কৰা আজিৰ “ৰণশিঙা” অনুষ্ঠানত জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে পাঁচ শতাধিক সমবেত ৰাইজে খোল, তাল, বৰতাল, দবা, শংখ,নাগাৰা,ঢোল,পেপা,বাঁহী মাদল আদিকে ধৰি আন্যান্য থলুৱা বাদ্যযন্ত্ৰ সংগত কৰি পৰিৱেশ উত্তাল কৰি তোলে৷

দেৱ বাদ্য বজাই হৰিনামৰ মাজেৰে আজি চাপানলাৰ স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰা “ৰণশিঙা” অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰন্টু শৰ্মাই মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক  ডলাৰ বগৰী বুলি অভিহিত কৰে ৷

পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পিঙ্কুমনি বৰাই আঁতধৰা প্ৰতিবাদী কাৰ্য্যসূচীত আছুৰ সাংগঠনিক সম্পাদক ৰন্টু শৰ্মা, কা বিৰোধী আন্দোলনৰ সমন্বয়ৰক্ষী সমিতি, পুৰণিগুদামৰ সভাপতি পূৰ্ণানন্দ ভূঞা, উপসভাপতি দেৱজিৎ কলিতা, গৰিয়া-মৰিয়া ছাত্ৰ সন্থাৰ উপদ্দেষ্টা নিজামুল হুছেইন, সমাজকৰ্মী হৰেন গোস্বামী প্ৰমুখ্যে কেইবাগৰাকীও স্থানীয় ব্যক্তিয়ে উদ্দাত্ত ভাষণ প্ৰদান কৰে৷ আজি পুৱা ১০ বজাত পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থা আৰু কা বিৰোধী আন্দোলনৰ সমন্বয়ৰক্ষী সমিতি, পুৰণিগুদামৰ শতাধিক নেতা-কৰ্মী পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ৰ সন্মুখত সমবেতহৈ সদলবলে চাপানলা অভিমুখে যাত্ৰা কৰি হিমন্ত বিশ্ব শৰ্মা গ’ৱেক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, ‘কা’ আমি নামানো আদি শ্ল’গান দি ‘কা’ কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিয়ে ৷

ড৹ ভূপেন হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে’ কালজয়ী গীতেৰে শুভাৰম্ভ কৰা প্ৰতিবাদী কাৰ্য্যসূচীত দিহা নাম, নাম প্ৰসঙ্গ পৰিৱেশন কৰাৰ লগতে প্ৰতিবাদী ৰাইজে হৰিনামৰ ধ্বনিৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা দিয়া পৰিলক্ষিত হয়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here