হয়গ্ৰীৱ সেনা (অসম)ৰ উদ্যোগত নিচা মুক্ত-জুৱা মুক্ত হাজোৰ দাবীত গণ সমদল

0
44

প্ৰাগজ্যোতিষ বাৰ্তা,হাজোৰ পৰা কিশোৰ ডেকা,১০ জানুৱাৰীঃ হয়গ্ৰীৱ সেনা (অসম)ৰ উদ্যোগত তথা হাজো বাসী ৰাইজৰ সহযোগত নিচা মুক্ত, জুৱা মুক্ত হাজোৰ দাবীত হাজো মাধৱ মন্দিৰ প্ৰাঙ্গণৰ পৰা হাজো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়লৈ এক গণ সমদল উলিওৱা হয়|

সমদলটিৰ শুভাৰম্ভ কৰে হাজো পঞ্চতীৰ্থৰ দলৈ শিৱ প্ৰসাদ শৰ্মাই| দলৈ শৰ্মাই পোন প্ৰথমে সকলো নিচা বেপাৰীৰ ঘৰলৈ গৈ সকলো মাদক দ্ৰব্য বেপাৰীক হয়গ্ৰীৱ মাধৱ মন্দিৰৰ প্ৰসাদ দিয়ে|

তেওঁৰ ভাষ্য অনুসৰি মাধৱ মন্দিৰৰ প্ৰসাদ গ্ৰহণৰ পিছত তেওঁলোকৰ শুভবুদ্ধি উদয় হয় অবৈধ নিচা ব্যৱসায়ৰ দৰে কু-কৰ্মৰ পৰা দূৰত থাকিব |

হয়গ্ৰীৱ সেনা (অসম)ৰ তৰফৰ পৰা কামৰূপ জিলা উপায়ুক্ত,হাজো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা স্থানীয় বিধায়ীকাৰ জড়িয়তে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে|

উল্লেখযোগ্য যে তীৰ্থ নগৰী হাজোৰ ঐতিহ্যৰ প্ৰতি লক্ষ্য ৰাখি হাজো অঞ্চলত চৰকাৰে কোনো ধৰণৰ সুৰা বিপনীৰ অনুজ্ঞা পত্ৰ প্ৰদান নকৰে|

কিন্তু তীৰ্থনগৰী হাজো আজি নিচা নগৰীলৈ ৰূপান্তৰিত হৈছে| হাজো অবৈধ নিচাৰ ৰাজধানী ৰূপে পৰিগণিত হৈছে|

মদ,ভাং আদি নিচা জাতীয় ঔষধৰ লগতে হাজোত ড্ৰাগছ আজি সহজলভ্য|

হাজোৰ সচেতন মহলে বিভিন্ন মাধ্যমৰ জড়িয়তে প্ৰশাসনৰ দৃষ্টি গোচৰ কৰি আহিছে যদিও কোনো ধৰণৰ সুফল পোৱা দেখা নাযায়|

আনাগত দিনত প্ৰশাসনে কেনেকুৱা ভুমিকা ল’ব সেইটো লক্ষণীয় হ’ব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here