শিৱসাগৰ জিলাৰ হাঁহচৰাত ৰাস মহোৎসৱ উদ্‌যাপন

0
16

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা মুকুল বাইলুংঃ অসমীয়া কৃষ্টি আৰু সংস্কৃতিৰ অন্যতম চহকী সমল হ’ল ৰাস মহোৎসৱ৷

অসমত কা বিৰোধী আন্দোলন আৰু ভোগালী বিহুৰ আয়োজনৰ উচাহৰ মাজতে শিৱসাগৰ জিলাৰ হাঁহচৰা মৌজাত নৱম সংখ্যক হাঁহচৰা ৰাস মহোৎসৱভাগী অহা ইং ১৮ আৰু ১৯ জানুৱাৰী ২০২০ তাৰিখে দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে হাঁহচৰা শলগুৰীয়া গাঁৱৰ নামঘৰ প্ৰাংগনত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে৷

শিৱসাগৰ জিলাৰ ভিন্ন ঠাইৰ বচা বচা শিল্পীৰ অভিনয়েৰে দুয়ো দিনতে শ্ৰীশ্ৰীকৃষ্ণ ৰাসলীলাৰ নাট মঞ্চস্থ হ’ব লগা মহোৎসৱভাগিত ৰাইজৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰি উদ্‌যাপন সমিতিৰ হৈ সভাপতি উপেন বৰপূজাৰী, কাৰ্যকৰী সভাপতি জয়ন্ত শইকীয়া, কোষাধ্যক্ষ জয়কৃষ্ণ চুতীয়া, মুখ্য সম্পাদক পৰাগজ্যোতি শইকীয়া আৰু প্ৰচাৰ শাখাৰ হৈ পংকজ শইকীয়াই নিমন্ত্ৰণী সেৱা আগবঢ়াইছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here