চামগুৰিত পথ দুৰ্ঘটনাত এজন থিতাতে নিহত

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১০ জানুৱাৰীঃ নগাওঁ জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰি ডাউন টাউনৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, আজি বিয়লি প্ৰায় ৩-৩০মান বজাত চামগুৰিৰ পৰা এএছ-০২ এল ০৮৭ নম্বৰৰ বাইক আৰোহীজনে  নিজ ঘৰ সোণাৰিবালিলৈ গৈ থকা অৱস্থাত চামগুৰি ডাউন টাউনৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কলিয়াবৰ দিশৰ পৰা পৰা অহা এএছ ০৯ চি ৯৯৮২ নম্বৰৰ ট্ৰাকখনে বাইক খনক খুন্দা মাৰি মহতিয়াই নিয়াৰ ফলত বাইক আৰোহী ভজন বনিক(৩৫) থিতাতে নিহত হয়৷

ঘটনা সংঘটিত কৰি ট্ৰাকখনে পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও পৰৱৰ্তী সময়ত আৰক্ষীয়ে পুৰণি গুদামত ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়৷ আনহাতে পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত চামগুৰি  থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰিছে ৷

ইপিনে নিহত ভজন বনিকৰ ঘৰ সোণাৰিবালি গটংগাত বুলি জানিব পৰা গৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here