প্ৰাগজ্যোতিষৰ বাতৰিৰ প্ৰভাৱঃ অবৈধ নিচাজাতীয় বেপাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন

0
3

প্ৰাগজ্যোতিষ বাৰ্তা, হাজোৰ পৰা কিশোৰ ডেকা, ১১ জানুৱাৰীঃ হয়গ্ৰীৱ সেনাৰ উদ্যোগত আৰম্ভ হোৱা নিচামুক্ত জুৱামুক্ত হাজোৰ দাবীত গণ আন্দোলনৰ বাতৰি অন্য বাতৰি কাকত, নিউজ চেনেলত প্ৰকাশ পাই থকাত আৰু শেহতীয়াভাৱে যোৱাকালি ইলেক্ট্ৰ’নিক সংবাদ মাধ্যম ‘প্ৰাগজ্যোতিষ’ত প্ৰচাৰ হোৱাৰ পিছতে প্ৰশাসন অবৈধ নিচা বেপৰীৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিছে ।

হাজো ৰাজহ চক্ৰৰ চক্ৰবিষয়া কমল বৰুৱা আৰু হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ বৰ্মনৰ নেতৃত্বত অবৈধ নিচাৰ ঘাটি উচ্ছেদ অভিযান চলায় আজি ১১ জানুৱাৰীত

হাজোৰ নিচা ৰাজধানী ৰূপেখ্যাত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ সমীপত থকা মহাদেৱ টোলাৰ কুখ্যাত লেডি ভাং মাফিয়া পৰ্দা দাস (৭০)ক ভাং সহ গ্ৰেপ্তাৰ কৰে ।

প্ৰশাসনৰ নিচাৰ বিৰুদ্ধে লোৱা পদক্ষেপক ৰাইজে যথেষ্ট প্ৰশংসা কৰে ।

প্ৰশাসনৰ অবৈধ নিচাৰ বিৰুদ্ধে লোৱা এই পদক্ষেপৰ ধাৰাবাহিকতা কিমান দিনলৈ অক্ষুন্ন থাকে সেইটো মন কৰিবলগীয়া বিষয় ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here