শালনাত লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দসহ দুখন গাড়ী জব্দ

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা,  ১৩ জানুৱাৰীঃ নগাঁও জিলাৰ শালনা বন বিভাগে শনিবাৰে নিশা অভিযান চলাই দুখন গাড়ী সহ বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত বাতৰি মতে, শালনা বনাঞ্চলিক বিষয়া নেপাল মণ্ডল আৰু বনপালক প্ৰণব বৰাৰ নেতৃত্বত যোৱা বন কৰ্মীৰ দলে নিশা প্ৰায় ১২-৩০ বজাত চাপানালাৰ সমীপৰ কঠালগুৰি মালিবস্তিত চোৰাং কাঠভৰ্তি গাড়ী দুখন জব্দ কৰে।

বনকৰ্মীৰ দলটোৱে কঠালগুৰিৰ পৰা পিছা কৰি এখন নম্বৰ বিহীন আৰু এ এছ ০২ পি ৬২১০ নম্বৰৰ টাটা মোবাইল গাড়ী দুখনৰ পৰা প্ৰায় ১০০ চেফ্টি মাকৈ শালৰ ফাণ্টাৰ লগতে বুজন পৰিমাণৰ চোৰাং কাঠ মালিবস্তিৰ এখন খেলপথাৰত জব্দ কৰিবলৈ সক্ষম হয়।

চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় এক লাখ টকা হ’ব বুলি বনবিভাগৰ সূত্ৰই জানিব দিয়ে।

অৱশ্যে আন্ধাৰৰ সুযোগত চোৰাং কাঠ ব্যৱসায়ী কেইটা পলাই যাবলৈ সক্ষম হয় বুলিও সূত্ৰটোৱে প্ৰকাশ কৰে।

কাৰ্বি আংলং জিলাৰ পাৰ্কোপ পাহাৰ বনাঞ্চলৰ পৰা চোৰাং কাঠ ব্যৱসায়ী কেইজনে কাঠখিনি সৰবৰাহ কৰিছিল। ইতিমধ্যে জব্দ কৰা কাঠখিনি শালনা বন বিভাগে শালনা বনাঞ্চলিক কাৰ্যলয়লৈ লৈ আনিছে।

ইপিনে বুধবাৰৰ দিনা পুৱতি নিশাও ৰঙাগড়াৰ পৰা পাঁচখন চাইকেল সহ বুজন পৰিমাণৰ চোৰাং কাঠৰ ফাণ্টাও শালনা বন বিভাগে জব্দ কৰিছিল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here