মহানগৰীৰ অধিকাংশ সাংবাদিক ইউৰিক এচিড ৰোগত প্ৰভাৱিত

0
1

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ১৮ জানুৱাৰীঃ মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱাৰ অধীনত এম এম চি হস্পিটেলৰ উদ্যোগত অলপতে গুৱাহাটী প্ৰেছ ক্লাবত চলোৱা এক সমীক্ষাত প্ৰায় এক চতুৰ্থাংশ সংগবাদকর্মী ইউৰিক এছিডৰ দ্বাৰা প্ৰভাৱিত হোৱা তথ্য পোহৰলৈ আহিছে।

একেদৰে প্ৰায় বিশ শতাংশ সংবাদকর্মী আক্ৰান্ত হৈ আছে মধুমেহ আৰু থ্ৰাইৰডজনিত ৰোগত।

তদুপৰি প্ৰায় পোন্ধৰ শতাংশ সংবাদকর্মীৰ তেজত হিম’ গ্ল’বিনৰ পৰিমাণ কম পোৱা গৈছে।

যোৱা শনিবাৰে চিকিৎসালয়খনৰ প্ৰতিনিধিয়ে প্ৰেছ ক্লাবলৈ আহি প্ৰায় ষাঠিগৰাকী সংবাদকৰ্মীৰ তেজৰ নমুনা সংগ্ৰহ কৰিছিল।

উক্ত নমুনাসমূহৰ যাবতীয় পৰীক্ষাৰ পাচত ১৫গৰাকী অংশগ্ৰহণকাৰীৰ ইউৰিক এচিডৰ পৰিমাণ অধিক পোৱা গৈছে।

একেদৰে নিৰ্ধাৰিত পৰিমাণতকৈ ১৩ গৰাকী অংশগ্ৰহণকাৰীৰ ব্লাড চুগাৰৰ পৰিমাণ অধিক পোৱা গৈছে।

আনহাতে ১১গৰাকীৰ তেজ থ্ৰাইৰড হৰমনৰ পৰিমাণ অধিক দেখা গৈছে।আকৌ ১৩গৰাকী অংশগ্ৰহণকাৰীৰ হিমগ্লবিনৰ পৰিমাণ প্ৰয়োজনত কৈ কম পোৱা গৈছে।

সাংবাদিকসকলৰ মাত্ৰাধিক কৰ্ম ব্যস্ততা আৰু অনিয়মীয়া খাদ্যাভ্যাসৰ ফলত বিভিন্ন উপসৰ্গই দেখা দিয়া বুলি ধাৰণা কৰিব পাৰি।

সেয়ে স্বাস্থ্যকৰ জীৱন প্ৰণালী আয়ত্ত কৰি সংবাদ কর্মীসকলে নিজৰ দায়িত্ব সুকলমে পালন কৰিব বুলি আশা প্ৰকাশ কৰে এম এম চি হস্পিটেলৰ অতিৰিক্ত অধীক্ষক ডাঃ মাধৱ চন্দ্ৰ ৰাজবংশীয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here