মাৰ্ঘেৰিটাত চোৰাং বেটেৰীসহ আটক দুজন

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ১৮ জানুৱাৰীঃ বিগত দীৰ্ঘ দিনৰ পৰা মাৰ্ঘেৰিটা মহকুমাৰ সমীপৱৰ্তী বিভিন্ন স্থানত সঘনাই সৌৰ চালিত লাইটৰ বেটেৰীসমূহৰ চুৰি হৈ আহিছিল।

এই চুৰি চক্ৰটোৱে সমগ্র মাৰ্ঘেৰিটা মহকুমাটোতে বেটেৰী চুৰি কৰি আহিছিল যদিও মাৰ্ঘেৰিটা আৰক্ষীয়ে এই চুৰি চক্ৰটোক ধৰিবলৈ সক্ষম হোৱা নাছিল।   

কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণৰ নিচিনাকৈ আজি নিশা বেটেৰী চুৰি কৰি থকা অৱস্থাতে ৰাইজে দুজন চুৰক আটক কৰিবলৈ সক্ষম হয়। 

তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা মহকুমাৰ মাৰ্ঘেৰিটা আৰক্ষীৰ থানাৰ অন্তৰ্গত মাকুমপথাৰ স্থিত মতিলাল পেড়ীৱাল জুনিয়ৰ কলেজৰ পৰা নিশা সৌৰ শক্তি চালিত লাইটৰ বেটেৰী চুৰ কৰি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে।

স্থানীয় ৰাইজ ওলাই আহি দুটা চোৰক আটক কৰে যদিও কেইবাটাও চোৰ পলাই যাবলৈ সক্ষম হয়।

আটক কৰা চোৰ দুটাক ৰাইজে উত্তম-মধ্যম দি মাৰ্ঘেৰিটা আৰক্ষীক চমজাই দিয়ে।

আৰক্ষীয়ে চোৰ দুটাৰ কবলৰ পৰা ২৪ টা চুৰি বেটেৰীৰ লগতে চুৰি কাৰ্যত ব্যবহৃত As-23 CC-3161 নম্বৰৰ এখন মেজিক গাড়ী জব্দ কৰিবলৈ সক্ষম হয়| স্থানীয় ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়া চোৰ দুটা  মাকুমপথাৰ মতিলাল পেড়ীৱাল কলেজখনৰ সমীপৰ ক্ৰমে ৰতন দেৱনাথ আৰু ৰাজা দেৱনাথ। দুয়ো সম্বন্ধত পিতা-পুত্ৰ বুলি জানিব পৰা গৈছে।

বাতৰি যুগুত কৰা পৰলৈকে মাৰ্ঘেৰিটা আৰক্ষীয়ে অধিক তথ্য আহৰণৰ বাবে দুয়োকে সোধা পোচা অব্যাহত ৰাখিছে|

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here