বাইক চুৰিঃ সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী

0
2

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ১৮ জানুৱাৰীঃ ডিগবৈ আৰক্ষীৰ থানাৰ অন্তৰ্গত লিটল ষ্টাৰ স্কুলৰ হোষ্টেলৰ সন্মুখৰ মঃ আব্দুল মান্নান নামৰ লোকজনৰ ঘৰৰ গেটৰ তলা ভাঙি চোৰে ROYAL ENFIELD বাইক চুৰি কৰি নিয়ে৷

বাইকখনৰ নম্বৰ -AS 23 U 6191 যোৱা বুধবাৰৰ পুৱতি নিশাৰ ঘটনা৷ চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হয়৷

কেমেৰাত বন্দী হোৱা দৃশ্য টোত এখন গাড়ীত অহা চাৰিজন যুৱকক দেখাগৈছিল৷

চুৰি কৰা বাইকখন কিছুদূৰ চোৰৰ দলটোৱে থেলি থেলি নিয়া পাছত এজনে জোৰকৈ ঠেলি ষ্টাৰ্ট কৰি এজন যুৱকে বাইকখন চলাই লৈ যায় আৰু বাকী দুজন গাড়ীখনত উঠি আঁতৰি যায়৷

কিন্তু এজন যুৱক গাড়ীখন উঠা দেখা নগ’ল ৷গাড়ীত নুঠা যুৱকজন স্থনীয় যুৱক বুলি সন্দেহ কৰা হৈছে৷

একেটা অঞ্চলৰ পৰাই উক্ত নিশাই আন এঘৰৰ পৰা আন এখন বাইক চুৰি হৈছিল বুলি জানিব পৰা গৈছে৷বিগত কিছুদিন ধৰি ডিগবৈ চহৰত ধাৰাবাহিক ভাবে বাইক,-গাড়ী আদি চুৰি হৈ আহিছে৷

কাৰিকৰীভাৱে পাকৈত এই চোৰৰ দলটোৱে ডিগবৈত অভিযান চলাই থকাৰ সন্দেহ কৰা হৈছে৷

কিন্তু ডিগবৈ আৰক্ষীয়ে চুৰৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here