২৬ জানুৱাৰীত দেশপ্ৰেমিক-শ্বহীদৰ পৱিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি যাচিবলৈ আহ্বান ‘পিপিএফএ’ৰ

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাট, ২০ জানুৱাৰীঃ অহা ২৬ জানুৱাৰীত ত্ৰিৰংগ জাতীয় পতাকা উত্তোলনেৰে ‘গণৰাজ্য দিৱস’ পালনৰ লগতে দেশৰ হেজাৰ-বিজাৰ স্বাধীনতা সংগ্ৰামী শ্বহীদ দেশপ্ৰেমিকসকলৰ পৱিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি যাচিবলৈ ৰাইজক আহ্বান জনাইছে ‘পেট্ৰিয়টিক পিপলছ্‌ ফ্ৰন্ট , অসম’ (পিপিএফএ)য়ে৷

এক প্ৰেছ বিবৃতিযোগে ‘পিপিএফএ’ কয় যে ১৯৫০চনৰ পৰা ২৬ জানুৱাৰীক আনুষ্ঠানিকভাবে আমাৰ ‘গণৰাজ্য’ বা ‘গণতন্ত্ৰ দিৱস’ৰ মৰ্যাদা দিয়া হ’লেও ১৯৪৭ৰ ১৫ আগষ্ট অৰ্থাৎ ‘স্বাধীনতা দিৱস’ৰ পূৰ্বে বহু বছৰ ধৰি পৰাধীন ভাৰতত ২৬ জানুৱাৰীৰ দিনটোৱেই আছিল স্বাধীনতা-সংগ্ৰামীসকলৰ বাবে প্ৰতীকী স্বাধীনতা দিৱস ৷

পৰাধীন ভাৰতত এই দিনটোতেই দেশপ্ৰেমিকসকলে সংগ্ৰামৰ ন-ন কাৰ্যসূচী আৰু শপত গ্ৰহণ কৰিছিল আৰু পূৰ্ণ স্বাধীনতা অৰ্জনৰ বাবে সংগ্ৰামত জঁপিয়াই পৰিছিল ৷

গতিকে আমাক স্বাধীনতা আনি দিবলৈ আমাৰ যিসকল পূৰ্বপুৰুষে কাৰাগাৰৰ যন্ত্ৰণা ভোগ কৰিছিল, গুলি খাই, ফাঁচীকাঠত প্ৰাণ বিসৰ্জন দি শ্বহীদ হৈছিল-সেইসকল মহান বীৰ-বীৰাংগনাক দেশৰ জাতীয় দিৱসত কৃতজ্ঞচিত্তে স্মৰণ কৰা আৰু শ্ৰদ্ধাঞ্জলি যচাটো আমাৰ নৈতিক কৰ্তব্য৷

আমাৰ অসমতো স্বাধীনতা সংগ্ৰামৰ ইতিহাস ৰঞ্জিত হৈ আছে কনকলতা বৰুৱা, মুকুন্দ কাকতী, কুশল কোঁৱৰ, ভোগেশ্বৰী ফুকননী, তিলক ডেকা, কমলা মিৰি, নিধানু ৰাজবংশী, লেৰেলা বড়ো, মদন বৰ্মন, ৰাউতা বড়ো, মংগল কুৰ্মি, লক্ষী হাজৰিকা, ঠগী সূত, বলোৰাম সূত, গুণাভি বৰদলৈ প্ৰমুখ্যে অলেখ শ্বহীদ বীৰ-বীৰাংগনাৰ আত্মত্যাগৰ স্মৃতিৰে৷

আজিকালি বহু ব্যক্তি-দল-সংগঠনে ২৬ জানুৱাৰী বা ১৫ আগষ্টৰ দৰে ‘জাতীয় দিৱস’ত জাতীয় পতাকা উত্তোলন কৰাৰ সলনি নানা প্ৰতিবাদ-দাবী সাব্যস্ত কৰাৰ দৰে দেশদ্ৰোহমূলক কথা কয় ৷

অকৃতজ্ঞৰ দৰে এইসকলে পাহৰি যায় যে যিসকল দেশপ্ৰেমিক শ্বহীদৰ সংগ্ৰাম আৰু ত্যাগৰ বিনিময়ত আমি স্বাধীনতা আৰু গণতান্ত্ৰিক দেশৰ নাগৰিক হোৱাৰ অধিকাৰ লাভ কৰিছোঁ, সেইসকলৰ স্মৃতিত বছৰৰ ৩৬৫ দিনৰ অন্ততঃ দুটা দিনত শ্ৰদ্ধা তৰ্পণ কৰাটো আমাৰ নৈতিক কৰ্তব্য আৰু দায়িত্ব৷

আচৰিত কথাটো হ’ল এইসকলে সাংবিধানিক অধিকাৰৰ দাবীত আন্দোলন কৰাৰ কথা কয়, অথচ ‘জাতীয় দিৱস’ত জাতীয় পতাকা উত্তোলন নকৰি সংবিধানক অপমান কৰাৰ কামত লিপ্ত হয়৷

যিয়ে দেশ বা ৰাষ্ট্ৰক মৰ্যাদা দিব নোখোজে, তেওঁ সেই ৰাষ্ট্ৰৰে অন্তৰ্গত সংবিধানৰ অধিকাৰ বিচাৰি আন্দোলন কৰাটো উদ্ভট আৰু হাস্যকৰ কথা বুলি ‘পিপিএফএ’ ই মন্তব্য কৰে ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here