ছিৰিয়াখানাত হাড়গিলা পৰিয়ালৰ নতুন আলহীক আদৰণি

0
1

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১২ জানুৱাৰীঃ বিলুপ্তপ্ৰায় হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বকে বাট দেখুৱাইছে অসমে, এইক্ষেত্ৰত বিশেষভাৱে আগভাগ লৈছে গ্ৰীণ অস্কাৰ সন্মান লাভ কৰা ড০ পূৰ্ণিমা দেৱী বৰ্মনে।

এইগৰাকী প্ৰকৃতিপ্ৰেমীৰ তৎপৰতাতে অসম ৰাজ্যিক ছিৰিয়াখানাত থকা হাড়গিলা পৰিয়ালটোলৈ বছৰটোৰ আৰম্ভণিতে আগমন ঘটে নতুন আলহীৰ।

ছিৰিয়াখানা কৰ্তৃপক্ষৰ বাবে প্ৰথমাৱস্থাত এয়া আছিল একপ্ৰকাৰ অসম্ভৱ সদৃশ।

কিয়নো বিশ্বৰ ভিন্ন প্ৰান্তত ছিৰিয়াখানাৰ পৰিৱেশত বিলুপ্তপ্ৰায় হাড়গিলাৰ বংশবৃদ্ধিৰ বাবে চেষ্টা চলাই অহা হৈছিল যদিও দেখা নাছিল সফলতাৰ মুখ।

কিন্তু ছিৰিয়াখানা কৰ্তৃপক্ষই হাড়গিলাৰ সংৰক্ষণৰ বাবে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত দেহে-কেহে কাম কৰি অহা ড০ পূৰ্ণিমা দেৱী বৰ্মনৰ সহযোগিতাত এনে অসম্ভৱকো সম্ভৱ কৰি তুলিবলৈ সমৰ্থ হয়।

ইতিমধ্যে এই সাফল্যৰ বাবে ড০ বৰ্মনৰ লগতে অসম চৰকাৰৰ বন বিভাগক অভিনন্দন জনাইছে বিশ্বৰ প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে।

বিশ্ববাসীৰ বাবে আশাৰ বতৰা কঢ়িয়াই অনা এই সাফল্যত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে বন বিভাগ তথা ছিৰিয়াখানা কৰ্তৃপক্ষ।

এই অনুযায়ী ৰাজ্যিক ছিৰিয়াখানাৰ হাড়গিলা পৰিয়াল তথা সমগ্ৰ ছিৰিয়াখানা পৰিয়ালৰ মাজলৈ আগমন ঘটা নতুন আলহী হাড়গিলা পোৱালিক সনাতনী পৰম্পৰাৰে আদৰণি জনোৱাৰ ব্যৱস্থা কৰা হৈছে।

মূলতঃ অমাতৰ পক্ষী হ’লেও পক্ষীকূল যে মানুহতকৈও কোনো গুণে কম নহয় সেই গুৰুত্ব যাতে সকলোৱে উপলব্ধি কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে ছিৰিয়াখানা প্ৰাংগণত দিনৰ ১০ বজাত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মাননীয় বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য। একেটা অনুষ্ঠানতে ড০ পূৰ্ণিমা দেৱী বৰ্মনে হাড়গিলা সংৰক্ষণ বিষয়ক লৈ প্ৰস্তুত কৰি উলিওৱা এখন পোষ্টাৰো মুকলি কৰা হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here