মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সন্মুখত আছু আৰু ছাত্ৰ একতা সভাৰ প্ৰতিবাদ

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ২৩ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আহবান মৰ্মে মাৰ্ঘেৰিটাত আছু আৰু ছাত্ৰ একতা সভাই এক প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰে৷

সংগঠনটোৱে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত “কা”ৰ প্ৰতিলিপি দাহ কৰাৰ লগতে কলা বেজ পৰিধান কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভা আৰু আছুৱে মহাবিদ্যালয়ৰ সন্মুখত বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে মহাবিদ্যালয়ৰ পৰিৱেশ উত্তাল কৰি তোলে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here