ধেমাজিত মাইক্ৰ’ফাইনেন্স বিৰুদ্ধে স্মাৰকপত্ৰ প্ৰদান সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ

0
7

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ২৩ জানুৱাৰীঃ দেশৰ মুক্ত অৰ্থনীতিৰ সুযোগ লৈ ৰাজ্যখনৰ চহৰে-নগৰে, গাঁৱে-ভূঁঞে কাঠফুলাৰ দৰে গঢ়ি উঠা বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠানসমূহৰ যোগেদি ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ ৮০ শতাংশৰো অধিক লোক এনে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ বৰ্তমান সৰ্বস্বান্ত হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতি বিধ্বস্ত হৈ পৰিছে।

ফলত বহু অসামাজিক কাৰ্যকলাপৰ লগতে বহুলোকৰ মাটি-ভেটিও উছন হোৱাৰ নিতৌ ঘটনা ঘটি অহাৰ সময়তে ধেমাজি জিলাটো কেইবাটাও মাইক্ৰ ফাইনেন্সে জিলাখনৰ মহিলাসকলক কিস্তিৰ ধন আদায়ৰ নামত মহিলাক পণবন্দী কৰি বিভিন্ন ধৰণৰ অত্যাচাৰ কৰা, ঘৰৰ বয়বস্তু বিক্ৰী কৰি কিস্তি পৰিশোধ কৰিবৰ বাবে উদগণি যোগোৱা, দেহৰ অংগ বিক্ৰী কৰি কিস্তিৰ ধন পৰিশোধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ লগতে আতি দুখজনকভাৱে আনকি নিজৰ স্বামীক হত্যা কৰি ইনচুৰেনন্সৰ টকাৰে কিস্তি পৰিশোধ কৰিবলৈ কোৱা আদি কাণ্ডও সংঘটিত কৰিছে এই কোম্পানীসমূহৰ প্ৰতিনিধিসকলে।

আনহাতে এই বেচৰকাৰী মাইক্ৰ’ফাইনেন্সসমূহৰ গ্ৰামাঞ্চলত মহিলাসকলক অতি সামান্য নথি-পত্ৰৰ ভিত্তিতে যি ঋণ প্ৰদান কৰি আহিছে।

ইয়াৰ লগতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিদেৰ্শনা অনুসৰি ইয়াৰ সুদৰ হাৰ যথেষ্ট পৰিমাণ বেছি। এই বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠানে সমূহে ৰিজাৰ্ভ বেংকৰ কোনো নীতি-নিৰ্দেশনা নামানি নিজৰ খেয়াল-খুচি মতে সুদৰ হাৰ বৃদ্ধি কৰাৰ ফলত গ্ৰামাঞ্চলৰ মহিলাসকলে নিৰ্দিষ্ট সময়ত ঋণ পৰিশোধ কৰিব নোৱাৰি বিভিন্ন অসামাজিক কাৰ্যতো লিপ্ত হ’বলগীয়া হোৱা ঘটনা প্ৰতিদিনেই ঘটি আহিছে।

তদুপৰি বহু পৰিয়ালে ঋণ পৰিশোধ কৰিব নোৱাৰি নিজৰ মাটি-ভেটিও বিক্ৰী কৰিব লগা হোৱাৰ ঘটনা সংঘটিত হৈছে।

উল্লেখ্য যে, সমগ্ৰ ধেমাজি জিলাখনত বন্ধন, এক্সিচ, অন্নপূৰ্ণা, চেটিং, নিধি, আৰোহন, আৰ জি ভি এন, চমৎকাৰ, এল এন টিকে ধৰি বহুকেইটা বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠানে মহিলাসকলৰ মাজত ঋণ প্ৰদান কৰি অহাৰ সমান্তৰালকৈ ঋণ পৰিশোধৰ বেলিকা কাবুলীৱালাৰ ষ্টাইলত অধিক সুদৰ হাৰত ধন আদায় লৈ আহিছে। তদুপৰি নিৰ্দিষ্ট সময়ত ঋণ পৰিশোধ কৰিব নোৱৰা মহিলাগৰাকীৰ ঘৰৰ পৰা বিভিন্ন সা-সামগ্ৰীৰ লগতে পোহনীয়া জীৱ-জন্তুও হস্তগত কৰি অহা ঘটনা সংঘটিত হৈছে।

এইক্ষেত্ৰত অতি শীঘ্ৰে এই বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ প্ৰতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই দাবী জনাইছে I আৰু এই গণ প্ৰতিবাদৰ জৰীয়তে এই স্মাৰ্ক পত্ৰ প্ৰদান কৰি বিষয়টোৰ ওপৰত তদন্ত কৰি উচিত ব্যৱস্থা ল’বলৈ দাবী জনায় অন্যথা ইয়াৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি চৰকাৰলৈ সকীয়নি প্ৰদান কৰে সংগঠনটোৱে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here