অসমতেই এলাগী অসমীয়া ভাষাঃ মাৰ্ঘেৰিটাত আছুৱে আঁতৰালে ইংৰাজী, হিন্দী ভাষাৰ নামফলক, বেনাৰ-প’ষ্টাৰ

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ২৩ জানুৱাৰীঃ নাগৰিকত্ব (সংশোধনী) বিধেয়ক বাতিলৰ দাবীৰ সমান্তৰালকৈ অসমীয়া ভাষাক কেন্দ্ৰ কৰি বিতৰ্ক চলি থকাৰ মাজতেই মাৰ্ঘেৰিটাত আছুৱে আজি মাৰ্ঘেৰিটাৰ চহৰৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ অসমীয়া ভাষা ব্যৱহাৰ নকৰা নামফলক আৰু বেনাৰ প’ষ্টাৰসমূহ এফালৰ পৰা ফালি আঁতৰাই দিয়াৰ উপৰিও ম’বিল সানি বেনাৰ নাম ফলকসমূহ নষ্ট কৰে।

উল্লেখ্য যে, সংগঠনটোৱে ইয়াৰ পূৰ্বেও ব্যৱসায় প্ৰতিষ্ঠানসমূহক অসমীয়াৰ ভাষাৰ নাম ফলক ব্যৱহাৰ কৰিবৰ বাবে নিৰ্দেশনা জাৰী কৰি সময় সীমা বান্ধি দিয়াৰ পাছতো নীতি নিয়ম নমনাৰ পৰিপ্ৰেক্ষিতত এনেদৰে হাতে কামে লাগি অনাগত দিনত মাৰ্ঘেৰিটাৰ মহকুমাটোৰ বিভিন্ন অঞ্চলৰ বিভিন্ন প্ৰান্তত অসমীয়া ভাষা ব্যৱহাৰ নথকা নামফলক, বেনাৰ-প’ষ্টাৰসমূহ ধাৰাবাহিকভাৱে আঁতৰাই যাব বুলি উল্লেখ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here