গোগামুখত সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ ৪৫ সংখ্যক বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি তুংগত

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ২৩ জানুৱাৰীঃ পৰম হংস শিৱনাৰায়ণ স্বামীৰ দ্বাৰা সংস্থাপিত আৰু গুৰুদেৱ কালিচৰণ ব্ৰহ্মই প্ৰচাৰ কৰি থৈ যোৱা সত্য সনাতন ব্ৰহ্ম ধৰ্মৰ মূল শাস্ত্ৰৰ তত্ব সমূহক ৰাইজৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰা আৰু ধৰ্ম শিক্ষাৰে মানৱতাৰ জ্ঞান সৃষ্টি হোৱাৰ উদ্দেশ্যেৰে এই অধিবেশনখন গোগামুখ মিংমাং সোণাপুৰত অনুষ্ঠিত কৰা হৈছে ।

অহা ৩১ জানুৱাৰী আৰু ১ ,২ ,ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অধিবেশনখনৰ মূল তোৰণ, মূল মণ্ডপ, অভ্যৰ্থনা শিবিৰ, জিৰণী শিবিৰ, মূল মাংগলিক গৃহৰ কাম প্ৰায় ৭০ শতাংশ সম্পূৰ্ণ হৈছে বুলি অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰভাত বসুমটাৰী আৰু সম্পাদক বানেশ্বৰ বসুমটাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

উল্লেখ্য যে ২ ফেব্ৰুৱাৰী অৰ্থাৎ সামৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে এখন মুকলি সভাৰ দিহা কৰিছে, উক্ত মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী চন্দন ব্ৰহ্ম, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ লগতে ব্ৰহ্ম ধৰ্মৰ আচাৰ্যৰ লগতে ব্ৰহ্ম ধৰ্মৰ ভক্তবৃন্দই l

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here