কাশ্মীৰ পণ্ডিতসকলৰ পৰিয়ালৰ ওপৰত হোৱা অত্যাচাৰৰ ৩০ বছৰঃ কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন আৰু বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ২৪ জানুৱাৰীঃ ২৩ জানুৱাৰী তাৰিখে সন্ধিয়া ৫ বজাত কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন আৰু বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত ১৯৯০ চনৰ ১৯ জানুৱাৰীৰ দিনা কাশ্মীৰ পণ্ডিতসকলৰ পৰিয়ালৰ ওপৰত হোৱা অত্যাচাৰৰ ৩০ বছৰ সম্পূৰ্ণ হোৱা হেতু সেই ঘটনাত নিহতসকলৰ সদগতি কামনা কৰি কটন বিশ্ববিদ্যালয়ৰ সম্মুখত কটনিয়ানৰ উদ্যোগত ম’মবাতি প্ৰজ্বলনৰ এক কাৰ্য্যসূচী লোৱা হয়।

লগতে সংবাদ মাধ্যমৰ যোগেদি কেন্দ্ৰীয় চৰকাৰলৈ অনুৰোধ জনায় যে যিসকল নিপীড়িত কাশ্মীৰী পণ্ডিত অত্যাচাৰ বুলি হৈ ভগনীয়া হৈছিল ,পলায়ন কৰিব বাধ্য হৈছিল আৰু এতিয়া ভাৰতবৰ্ষৰ কোনো প্ৰান্তত আশ্ৰয় লৈ আছে তেওঁলোকক পুনৰ স্বগৃহলৈ ঘুৰি যোৱাত ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰে যেন ।

মমী নাগৰ আহ্বানত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত সহযোগ কৰে জয়ৰাজ কলিতা,পল্লৱী দেৱী, ঋত্বিক ভট্টাচাৰ্য্য, দিব্যাশ্ৰী মহন্তয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here