হিন্দু জাগৰণ মঞ্চ, অসমৰ গণতন্ত্ৰ দিৱস পালনৰ প্ৰস্তুতি

0
32

প্ৰগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ২৪ জানুৱাৰীঃ বিগত বছৰবোৰৰ দৰে এইবেলিও হিন্দু জাগৰণ মঞ্চ, অসমৰ গুৱাহাটী মহানগৰ সমিতিয়ে গণতন্ত্ৰ দিৱস উদযাপন কৰিব।

ইয়াৰ লগত সংগতি ৰাখি উক্ত দিনা দিনৰ দহ বজাত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান, চানমাৰীৰ পৰা এহেজাৰ মটৰ চাইকেলৰ অংশগ্ৰহণেৰে এক বিশাল শোভাযাত্ৰাৰ কাৰ্যসূচীও গ্ৰহণ কৰিছে।

অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেল পথাৰৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰা নুনমাটি-জু-ৰোড-গণেশগুৰি-অসম সচিবালয়ৰ সন্মুখৰে উলুবাৰী হৈ লতাশিলত অন্ত পৰিব বুলি হিন্দু জাগৰণ মঞ্চ অসমৰ সভাপতি মৃণাল কুমাৰ লস্কৰ আৰু সাধাৰণ সম্পাদক নয়নজ্যোতি ডাকুৱাই প্ৰেছ বিজ্ঞপ্তিৰ যোগে জনাইছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here