ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত ‘যুৱ সংসদ’ অনুষ্ঠিত

0
8

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ২৪ জানুৱাৰীঃ ২৩ জানুৱাৰীত গুৱাহাটী পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ‘যুৱ সংসদ’ত বিভিন্ন জিলাৰ পৰা আমন্ত্ৰিত প্ৰায় দুই সহস্ৰাধিক যুৱক-যুৱতীয়ে অংশ গ্ৰহণ কৰে।

সংসদৰ আৰম্ভণিতে ভাষণ প্ৰদান কৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে। তেওঁ সাম্প্ৰতিক ৰাজনৈতিক আৰু সামাজিক পৰিৱেশত যুৱক-যুৱতীসকলৰ কৰণীয় আৰু সমাজৰ শান্তি শৃংখলা বজাই ৰখাত তেওঁলোকৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে।

Watch Live: ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত যুৱ সংসদত অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলক সম্বোধন কৰাৰ মুহূৰ্তত

Posted by Sarbananda Sonowal on Thursday, January 23, 2020

অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰি তেওঁ কয় যে যুৱ শক্তিয়ে ৰাষ্ট্ৰীয় শক্তি, যিবোৰ কাৰণে যুৱক-যুৱতীসকলৰ মনত ক্ৰিয়া কৰি থাকে তেওঁলোকে চৰকাৰ তথা নেতৃত্বক পোনপটীয়াকৈ ইয়াতে সুধিব পাৰিব।

অনুষ্ঠানত উপস্থিত থাকি বিজেপিৰ সভাপতি ৰঞ্জিত দাসে তেওঁৰ ভাষণত কয় যে সত্য আৰু শুদ্ধ তথ্যৰে অনুষ্ঠানটোত সকলো প্ৰশ্ন কৰ্তাৰ উত্তৰসমূহ দিয়া হ’ব।

তেওঁ আৰু কয় যে বিজেপিৰ প্ৰতিটো কাৰ্যসূচী অইন দলতকৈ পৃথক।আৰু সেয়েহে অন্যান্য দলেও বৰ্তমান তেওঁলোকৰ দলক অনুকৰণ কৰা পৰিলক্ষিত হৈছে।

কিন্তু বৰ্তমান কিছুদিন ধৰি বহুতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰ নামত বহু অপপ্ৰচাৰ চলোৱাৰ লগতে বিজেপিৰ দল আৰু দলীয় কৰ্মীসকলকহে আক্ৰমণ কৰা দেখা গৈছে।

অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰীয়ে যুৱ সংসদত অংশ লোৱা যুৱক-যুৱতীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে।

এই অনুষ্ঠানতে অসম চৰকাৰে অসম আন্দোলনৰ শ্বহীদ সকলৰ সোঁৱৰণত শ্বহীদ উদ্যান নিৰ্মাণৰ পৰিকল্পনাৰ কথাও ব্যক্ত কৰে।

দলে নিৰ্বাচনৰ সময়ত দিয়া জাতি, মাটি, ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি অনুসৰি অহা ২৮ তাৰিখৰ ভিতৰত প্ৰায় এক লাখ খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদানৰ বাবে সাজু হোৱা বুলিও ঘোষণা কৰে।

অনুষ্ঠানত নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।

অনুষ্ঠানটোত বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা আৰু সাধাৰণ সম্পাদক পুকল গোঁহাই, মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী যোগেন মহন আৰু সঞ্জয় কিষাণৰ উপৰিও পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা, যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক চৈকত দত্ত চৌধুৰীৰ লগতে ভালেসংখ্যক বিধায়ক, সাংসদ তথা দলীয় নেতা উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here