চামগুৰিত নকল ‘বাৰ ক’ড’ৰে সৰবৰাহ কৰা  সুৰা ভৰ্তি ছয়খন গাড়ী জব্দ

0
8

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা ,২৫ জানুৱাৰীঃ নগাঁও আৱকাৰী বিভাগ আৰু চামগুৰি থানাৰ আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ পৰা সৰবৰাহ কৰা ছয় ট্ৰাক বিয়েৰ যোৱা নিশা জব্দ কৰে।

৬ খন ট্ৰাকেৰে নিউ ইণ্ডিয়া ট্ৰেন্সপ’ৰ্ট কোম্পানীৰ দ্বাৰা বিয়েৰসমূহ শ্বিলঙলৈ সৰবৰাহ কৰাৰ অৱস্থাত চামগুৰিৰ ৩৭ নম্বৰ ঘাইপথত যোৱা নিশা ১০-৩০ বজাত আৱকাৰী আৰু আৰক্ষীয়ে গাড়ীকেইখন জব্দ কৰে।

ডব্লিউ বি ১১-ই ০০২৮, ডব্লিউ বি ১১ ডি ৫৫৩৭, ডব্লিই বি ১১ ডি ৭৪৪১, ডব্লিউ বি ১১ ডি ৪০৭৯, ডব্লিউ বি ১১ ডি ৯২২২, আৰু ডব্লিউ বি ১১ ডি ৫৫৬৪ নম্বৰৰ ট্ৰাককেইখনেৰে বিয়েৰসমূহ অৰুণাচল প্ৰদেশৰ নিৰজুলিৰ নেফা বেৱাৰিছ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ পৰা শ্বিলঙৰ ভি আৰ ব’ণ্ডেড ৱেৰহাউচলৈ সৰবৰাহ কৰিছিল।

প্ৰতিখন ট্ৰাকত এহেজাৰ দুশ কাৰ্টুনকৈ মুঠ ৭২ হেজাৰ টিউব’ৰ্গ বিয়েৰ সৰবৰাহ কৰাৰ সময়ত অভিযান চলাই আৱকাৰী আৰক্ষীয়ে জব্দ কৰি নিশা চামগুৰি আৰক্ষী থানাত ৰাখি থয়।

জব্দ কৰা বিয়েৰসমূহৰ অসমৰ মূল্য অনুযায়ী এক কোটিৰ অধিক হ’ব বুলি আৱকাৰী বিভাগৰ একসূত্ৰে প্ৰকাশ।আজি চামগুৰি ৰাজহ চক্ৰ বিষয়া তথা দণ্ডাধীশ সঞ্জীৱ দলৈৰ উপস্থিথিত নগাঁও,গোলাঘাট অাৰু গুৱাহাটীৰ পৰা অহা আৱকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীয়ে ট্ৰাককেইখন পৰীক্ষা কৰে।

সংবাদ মাধ্যমক নগাঁও আৱকাৰী অধীক্ষক কাৰ্যালয়ৰ আৱকাৰী পৰিদৰ্শকে জনোৱা মতে,গোপন সূত্ৰৰ খৱৰৰ ভিত্তিত যোৱা নিশা বিয়েৰ পৰিবাহী ৬ খন জব্দ কৰা হয়।

সম্প্ৰতি বিষয়টো তদন্ত কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে।

একাংশ লোকে ট্ৰাককেইখনত ভেজাল বিয়েৰ আনিছে বুলিও সন্দেহ কৰে।ট্ৰাককেইখনৰ পৰা সংগ্ৰহ কৰা বিয়েৰৰ বটলত থকা ‘বাৰ ক’ড’ আৰক্ষীয়ে পৰীক্ষা কৰাত নকল বুলিও প্ৰমাণিত হয়।

তদুপৰি বিয়েৰ সৰবৰাহৰ নথি পত্ৰতো বিসংগতি ধৰা পৰা বুলি আৱকাৰীৰ এক সূত্ৰই জানিবলৈ দিয়ে।

সমগ্ৰ বিষয়টোৰ পৰা নগাঁও আৱকাৰী অধীক্ষকগৰাকী সংবাদ মাধ্যমক মন্তব্য কৰাৰ পৰাৰ ৰহস্যজনকভাৱে আঁতৰি থাকে।

তদুপৰি নগাঁও আৱকাৰী বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে ট্ৰাককেইখন জব্দ কৰিব পৰা নাযাব বুলি ৰহস্যজনক মন্তব্য কৰাত দণ্ডাধীশ সঞ্জীৱ দলৈয়ে ধমক দিয়া পৰিলক্ষিত হয়৷

আনহাতে আৰক্ষী আৰু আৱকাৰী বিভাগে উক্ত গাড়ীকেইখনৰ ৮ জন চালক আৰু পৰিচালক সোধপোছ কৰিবলৈ নগাঁৱলৈ নিছে বুলি জানিব পৰা গৈছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here