ৰে’ল বিভাগে বন্ধ কৰিলে অৰুণাচল প্ৰদেশৰ ছিলি গাঁৱলৈ যোৱা পকী পথঃ সীমান্ত বাসী ৰাইজৰ প্ৰতিবাদ

0
1

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়াঃ ৰে’ল বিভাগৰ আজৱ কাণ্ডৰ বিৰুদ্ধে আজি প্ৰতিবাদত নামিল চিলাপথাৰৰ অসম আৰু অৰুণাচল চিলি গাঁৱৰ জনতা ।

অসম আৰু অৰুণাচল প্ৰদেশৰ কেইবাখনো গাঁৱ সংযোগী একমাত্ৰ পকী পথ ৰে’ল বিভাগে বন্ধ কৰাৰ সময়তে আজি দুপৰীয়া এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

ৰে’ল পথ অতিক্ৰম কৰা অসম আৰু অৰুণাচল প্ৰদেশৰ চিলি অঞ্চলক সংযোগী একমাত্ৰ পকী পথৰ দুয়ো কাষে লোহাৰ বৃহৎ পাইপেৰে ৰে’ল বিভাগে কটকটীয়া নিৰাপত্তা বাহিনীৰ উদ্যোগত বন্ধ কৰে।

ৰে’ল বিভাগৰ কাণ্ডত স্তম্ভিত ৰাইজে হঠাৎ প্ৰতিবাদ সাব্যস্ত কৰি উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে।

ৰে’ল সুৰক্ষা বাহিনীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰাইজৰ প্ৰতিবাদত ধেমাজি জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ হস্তক্ষেপ কৰে।

ধেমাজি জিলা উপায়ুক্ত লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি ৰাইজে কয় যে ৫০ দশকৰ পৰা অসম আৰু অৰুণাচলৰ ৰাইজ বসবাস কৰি আহিছে।

পথছোৱা বন্ধ কৰিলে সীমান্তৰ সহ্ৰাধিক ৰাইজ কৰ পৰা অহা যোৱা কৰিব বুলি প্ৰশাসন তথা ৰে’ল বিভাগৰ বিষয়াক প্ৰশ্ন কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here