ৰাজনৈতিক দল ‘অসম গণ মঞ্চ’ বিজেপিৰ বি টীম-শৃংখল চলিহা

0
3

চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২৭ জানুৱাৰীঃ “কা” বিৰোধী আন্দোলনৰ প্ৰভাৱ বিস্তাৰ কৰাৰ উদ্দেশ্যে বীৰ লাচিত সেনাৰ অন্যতম নেতা শৃঙ্খল চলিহাই ২৫ জানুৱাৰীত কামপুৰৰ পৰা আহি নগাঁও জিলাৰ চামগুৰি তিনি আলিত উপস্থিত হৈ একাংশ “কা” বিৰোধী নেতা আৰু সমৰ্থকৰ লগত মতবিনিময় কৰাৰ লগতে সংবাদ মাধ্যমৰ সন্মুখত তাৎপযপুৰ্ণ মন্তব্য কৰে।

আন্দোলনকাৰী অসমীয়াক একেলগে চৰকাৰে মুক্তি দিবলৈ ভয় কৰে বুলি মন্তব্য প্ৰকাশ কৰি চলিহাই কয়- পূৰ্বতকৈ আন্দোলন বৰ্তমান কিছু স্তিমিত হৈছে। পুনৰ গণতান্ত্ৰিক আন্দোলন তীব্ৰতৰ হ’ব।

নগাঁৱত জন্মলাভ কৰা নতুন আঞ্চলিক দল “অসম গণ মঞ্চ’ নামৰ ৰাজনৈতিক দলটোক এইবাৰ বিজেপিৰ বি টীম আখ্যা দিছে শৃংখল চলিহাই।

নাগৰিকত্ব সংশোধন আইন বিৰোধী ভোট বিভাজনৰ বাবেই বিজেপি দলে আৰম্ভ কৰিছে এই নিকৃষ্ট ৰাজনীতি।

আনহাতে শেহতীয়াভাৱে গুৱাহাটীত উগ্ৰপন্থীয়ে কৰা আত্মসমৰ্পনৰ কাৰ্যসূচীক চৰকাৰৰ এখন নাটক বুলিও দাবী কৰিলে শৃংখল চলিহাই।

ইপিনে “কা” বিৰোধী আন্দোলনৰ সুবিধা কংগ্ৰেছে ল’ব নোৱাৰে,কংগ্ৰেছ এটা নস্যাৎ হোৱা দল বুলি মন্তব্য কৰে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here