চামগুৰি পথ দুৰ্ঘটনাত এগৰাকী শিক্ষক থিতাতে নিহতঃ এজন আহত

0
2

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২৮ জানুৱাৰীঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰি তিনি আলিত আজি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এগৰাকী শিক্ষক নিহত হোৱাৰ লগতে এজন বাইক আৰোহী আঘাত প্ৰাপ্ত হয় ।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে আজি পুৱা প্ৰায় দহ মান বজাত কলিয়াবৰ পৰা চামগুৰি অভিমুখী এ এছ ০২ টি ৮৬৬৭ নম্বৰৰ বাইকখনক চামগুৰি তিনি আলিৰ নৱ হাৰ্ডওৱেৰ নামৰ দোকান খনৰ সন্মুখত তথা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত  বিপৰীত দিশত নগাঁও টাউনৰ পৰা চামগুৰি অভিমুখে আহি থকা এ এছ ০২ এ এ ৯৮৬৩ নম্বৰৰ পালছাৰ বাইকখনে খুন্দা মৰাৰ ফলত  থিতাতে নিহত হয় জীৱন বসুমতাৰী(৪৯) নামৰ শিক্ষক গৰাকী ।ঘটনা সংঘটিত কৰা বাইক আৰোহী শিৱস্থানৰ দিলদাৰ হুছেইনো(১৯) গুৰুতৰভাৱে আহত হয়।

পিছত ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত নিহত শিক্ষকগৰাকীক উদ্ধাৰ কৰাৰ লগতে আহত দিলদাৰক নগাঁও অসামৰিক চিকিৎসালয় চিকিৎসাৰ ব্যৱস্থা কৰে।

উল্লেখ্য যে নিহত শিক্ষক জীৱন বসুমতাৰীৰ ঘৰ কলিয়াবৰ উলুৱনী থানাৰ অন্তৰ্গত বেঙেনাআটিত।তেখেতে প্ৰধান শিক্ষক হিচাপে কৰ্মৰত আছিল পুৰণা শালনাত অৱস্থিত গোঁসাই গাঁও এল পি স্কুলত।

আজি বসুমতাৰীয়ে নিষ্ঠাৰ প্ৰশিক্ষণ ল’বলৈ চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহিছিল।আনহাতে শিক্ষক জীৱন বসুমতাৰী কলিয়াবৰ মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাংগঠনিক সম্পাদক পদত কাৰ্যনিবাহক কৰি আছিল ।

মৃত্যুক আঁকোৱালি লোৱা বসুমতাৰীয়ে দুগৰাকী কন্যা, এজন পুত্ৰ আৰু পত্নীক এই সংসাৰত এৰি থৈ যায়।

ইতিমধ্যে চামগুৰি আৰক্ষী নিহত বসুমতাৰীক নগাঁও অসামৰিক চিকিত্সালয়ত মৰনোত্তৰ পৰীক্ষা পৰিয়ালৰ লোকক চমজাই দিছে বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰিছে।

সাংবাদিক পৰিষদৰ অসম, নগাঁও জিলা সমিতিয়ে নিষ্ঠাবান শিক্ষকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গলৈ সমবেদনা প্ৰকাশ কৰিছে বুলি জিলা সমিতিৰ সভাপতি আৰু সম্পাদকে জানিবলৈ দিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here