পিয়লি ফুকন নগৰ সাহিত্য চক্ৰৰ মাহিলী বৈঠক সম্পন্ন

0
9

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,২৮ জানুৱাৰীঃ আজি পিয়লি ফুকন নগৰ সাহিত্য চক্ৰৰ মাহিলি বৈঠকখন সাহিত্য চক্ৰৰ সভাপতি কানন শৰ্মাৰ বাসভৱনত অনুষ্ঠিত হৈ যায়।

বিশিষ্ট গীতিকাৰ গুণমনি বৰা, সাহিত্যিক পেঞ্চনাৰ প্ৰমোদ ভট্টাচাৰ্য, সাহিত্য চক্ৰৰ উপসভাপতি প্ৰমীলা কলিতা আৰু জ্যেষ্ঠ সাংবাদিক,নিবন্ধকাৰ পঞ্চদীপ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ধীৰেন শইকীয়া আদিয়ে অংশগ্ৰহণ কৰা সভাখনত সভাপতিত্ব কৰে সাহিত্য চক্ৰৰ সভাপতি কানন শৰ্মাই।

উক্ত অনুষ্ঠানত দুটা প্ৰবন্ধ,এটা চুটিগল্প,ষোল্লটা স্বৰচিত কবিতা পাঠৰ উপৰিও চাৰিজনে কবিতা আবৃতি কৰে।

সাহিত্য চক্ৰখনত পঠিত সাহিত্যসমূহৰ পৰ্যালোচনা আগবঢ়োৱাৰ লগতে সাম্প্ৰতিক কালত অসমীয়া ভাষালৈ অহা অশনি সংকেত কঢ়িয়াই অনা সমস্যাসমূহক লৈ উদ্বেগ প্ৰকাশ কৰে পঞ্চদীপ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ধীৰেন শইকীয়াই।

সাহিত্যিক পেঞ্চনাৰ প্ৰমোদ ভট্টাচাৰ্যই অসমীয়া বানান আৰু ব্যাকৰণ বিষয়ত হৈ অহা ভুল ক্ৰুটি কিছুমান উদাহৰণেৰে সৈতে বুজাই দিয়াত উপস্থিত সাহিত্যসেৱীসকল উৎফুল্লিত হৈ পৰে।

চক্ৰৰ সম্পাদক নিত্যানন্দ সভাপণ্ডিতে বিগত চক্ৰৰ প্ৰতিবেদন ডাঙি ধৰা এই চক্ৰত উপ-সভানেত্ৰী প্ৰমীলা কলিতাই গল্প, ৰমেন চন্দ্ৰ ডেকা আৰু গীতিকা দেৱীয়ে প্ৰবন্ধ পাঠ কৰাৰ উপৰিও স্থানীয় বহু লোকে অনুভৱ ব্যক্ত কৰে।

ইয়াৰোপৰি নবনীতা গোস্বামীয়ে বেদ উপনিষদৰ ওপৰত সাৱলীল বক্তৃতা দিয়াৰ লগতে উপনিষদৰ নাচিকেতাৰ সাধুটো সুন্দৰভাৱে অৱগত কৰে।

ভূমিকা শৰ্মা সাহা,গৰীমা ভাগৱতী আদিয়ে সাৱলীলভাৱে কবিতা আবৃতি কৰা এই অনুষ্ঠানখনত স্বৰচিত কবিতা পাঠ কৰে অলকেশ কলিতা,কল্পনা শৰ্মা,প্ৰসন্ন শীল,ফৰিদা বেগম,বন্তি শইকীয়া দত্ত,প্ৰদীপ কুমাৰ বৈশ্য,সন্ধ্যা বৰা ঠাকুৰীয়া,খনীন্দ্ৰ দাস,বিভা কলিতা,চন্দ্ৰপ্ৰভা তালুকদাৰ,মনিকা শৰ্মা,দীপালি বৈশ্য আদিয়ে কবিতা পাঠ কৰে।

বিশিষ্ট অতিথি হিচাপে যশস্বী গীতিকাৰ গুনমনি বৰাই ভাষন ৰখা অনুষ্ঠানখনত চক্ৰৰ সভাপতি কানন শৰ্মাই সফল অনুষ্ঠানৰ শেষত সকলোকে ধন্যবাদ জনায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here