হোজাইত ৭১ সংখ্যক গণৰাজ্য দিৱস উদযাপন

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু ,২৮ জানুৱাৰীঃ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি হোজাই জিলাৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত ৭১ সংখ্যক গণৰাজ্য দিৱস অতি উলহ-মালহেৰে উদযাপন কৰে।

জিলাখনৰ সদৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্য্যালয়ৰ গাতে লাগি থকা কাছাৰী ময়দান খেলপথাৰত ৭১ সংখ্যক গণৰাজ্য দিৱস সমূহীয়াকৈ উৎযাপন কৰে।

এই অনুষ্ঠানত বিভিন্ন দিশত দক্ষতা থকা ব্যক্তিসকলক বঁটা প্ৰদান কৰে। ইয়াত সাময়িক বাহিনী আৰু বিভিন্ন চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ পৰা অহা এন চি চি বাহিনীয়েও নিজ নিজ কলা কৌশল প্ৰৰ্দশন কৰে আৰু ইয়াত এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে।

ইয়াত উপস্থিত আছিল হোজাই জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক ,উচ্চ পদস্থ চৰকাৰী বিষয়া, কৰ্মচাৰী, আৰু স্থানীয় ৰাইজ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here