৩৪ সংখ্যক দ্বি-বাৰ্ষিক দেউৰী সাহিত্য সভা আৰম্ভ

0
2

প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজিৰ পৰা ললিত শইকীয়া, ২৯ জানুৱাৰীঃ ৩৪ সংখ্যক দ্বি-বাৰ্ষিক দেউৰী সাহিত্য সভাখন ধেমাজি গোগামুখস্থিত বামচেনীয়াত শিক্ষাবিদ যতীন চন্দ্ৰৰ বৰদেউৰী ক্ষেত্ৰত সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে।

তাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীত,পুৱা সামুহিক চাফাই ,স্বহীদ তৰ্পণ আৰু ৩৪ সংখ্যক দেউৰী সাহিত্য সভাৰ পতাকা উত্তোলন আৰু সাহিত্য সভাৰ লগত সংগতি ৰাখি কেইবাখনো স্মৃতি গ্ৰন্থ উন্মোচন কৰে কেইবাগৰাকী শিক্ষাবিদে।

২৭,২৮ ,২৯আৰু৩০জানুৱাৰীত চাৰিদিনীয়া বৰ্ণাঢ্য কৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৩৪ সংখ্যক দেউৰী সাহিত্য সভাস্থলিত উখল-মাখল পৰিবেশে বিৰাজমান

দেউৰী সাহিত্যৰ অধিৱেশনত উত্তপূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ সাহিত্য প্ৰমীয়ে অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয়৷

শিক্ষাবিদ প্ৰয়াত যতীনচন্দ্ৰ বৰদেউৰী সমন্নয় ক্ষেত্ৰত এতিয়া লোকে লোকাৰণ্য হৈ পৰিছে আৰু খাদ্য আৰু প্ৰদৰ্শনী মেলাত বহু লোকৰ সমাগম ঘটিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here