চামগুৰিত বৈদ্যুতিক সন্থাৰ “মহামিলন” অনুষ্ঠানৰ আয়োজন

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২ ফেব্ৰুৱাৰীঃ ২ ফেব্ৰুৱাৰী ৰবিবাৰে চামগুৰি বিদ্যুত সংঘত বৈদ্যুতিক শিপাৰ সন্ধানত চামগুৰি বৈদ্যুতিক সন্থাৰ নষ্টালজিয়া গ্ৰুপে “মহামিলন” শীৰ্ষক এক বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে ৷

১৯৬৮ চনৰ পৰা বৰ্তমানলৈকে চামগুৰি বিদ্যুৎ বোৰ্ড কলনীত আৱাসী হিচাপে কৰ্মজীৱন অতিবাহিত কৰা বিষয়া-কৰ্মচাৰীৰ পৰিয়াল বৰ্গৰ তিনি প্ৰজন্মৰ সন্তানসকলে ঐক্যবদ্ধ হৈ শৈশৱৰ সোণালী স্মৃতি ৰোমন্থন কৰাৰ লগতে বয়োজ্যেষ্ঠসকলক সন্মান জনাবলৈ এই ব্যতিক্ৰমী অনুষ্ঠানৰ প্ৰস্তুতি চলাইছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

উক্ত দিনৰ পুৱা ৮-৩০ বজাত বৈদ্যুতিক সন্থাৰ পতাকা উত্তোলন কৰিব আদৰণী সমিতিৰ সভাপতি বিউটি বেজবৰুৱাই।

স্মৃতি তৰ্পণ কৰিব আদৰণী সমিতিৰ যুটীয়া সম্পাদক কিশোৰ কুমাৰ শৰ্মা আৰু চাবিনা আজৱিনে।

পুৱা ৯-১৫ বজাত প্ৰদৰ্শনীৰ দ্বাৰা উন্মোচন কৰিব AEGCL, চামগুৰিৰ সহকাৰী মহাপ্ৰৱন্ধক গৌতম দাসে।

পুৱা ১০ বজাৰ পৰা ১২ বজালৈ ন-পুৰণি আৱাসীৰ মাজত আৰম্ভ হ’ব অন্তৰঙ্গ আলাপ অনুষ্ঠান।

উক্ত অনুষ্ঠানৰ আঁত ধৰিব বিদ্যুৎ পৰিষদৰ প্ৰাক্তন কৰ্মচাৰী নৰেন কলিতাই।

পুৱাৰ ভাগতে কণ-কণ শিশুসকলৰ মাজত চিত্রাঙ্কন প্ৰতিযোগিতা আৰু কিশোৰ,মহিলা সকলৰ মাজত বিভিন্ন খেল-ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

দুপৰীয়া ১বজাত এখন মুকলি সভা অনুস্থিত হ’ব। সভাখন উদ্বোধন কৰিব অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰ প্ৰাপ্ত মুখ্য অভিযন্তা বাণী বৰুৱাই ।

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব AEGCL(বিজুলি ভৱন)পৰিচালন সঞ্চালক ধ্ৰুৱজ্যোতি হাজৰিকা ৷

‘বৈদ্যুতিক শিপা’ নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব বিশিষ্ট চলচিত্র পৰিচালক চন্দ্ৰ মুদৈয়ে ।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰ প্ৰাপ্ত সদস্য উপেন্দ্ৰ চন্দ্ৰ শৰ্মা ।

সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড৹ ভূপেন শইকীয়া ।

বৈদ্যুতিক সন্থাৰ তৰফৰ পৰা এই মহামিলন অনুষ্ঠানলৈ সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here