চামগুৰিত পুনৰ অবৈধ অৰুণাচলী সুৰা চাৰিখন ট্ৰাক জব্দঃ চাৰিজন গ্ৰেপ্তাৰ

0
5

প্ৰগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা,২ ফেব্ৰুৱাৰীঃ পুনৰ নগাঁও জিলাৰ চামগুৰি আমনিত বৃহস্পতিবাৰে নিশা চামগুৰি আৰক্ষীয়ে অভিযান চলাই অবৈধভাৱে সৰবৰাহ অৰুণাচলী সুৰা ভৰ্তি চাৰিখন ট্ৰাক জব্দ কৰাৰ লগতে ছয়জন ট্ৰাকৰ পৰিচালক আৰু চালকক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, অৰুণাচলৰ নিৰজুলিস্থিত “নেফা ব্ৰেৱেৰিচ প্ৰাইভেট লিমিটেড” নামৰ প্ৰতিষ্ঠানত প্ৰস্তুত হোৱা বুলি লেবেল মৰা “টুব’ৰ্গ ষ্ট্ৰং বিয়েৰ” নামৰ সুৰাৰ সৰ্বমুঠ ৪৮০০টা কাৰ্টুন নীতি বহিৰ্ভূতভাৱে অৰুণাচলৰ পৰা চিলচৰ আৰু শ্বিলঙলৈ নিউ ইণ্ডিয়া ট্ৰাঞ্চপৰ্ট” নামৰ পৰিবহণ কোম্পানী এটাই চাৰিখনকৈ ট্ৰাকৰ সহায়ত সৰবৰাহৰ চেষ্টা চলাইছিল যদি চামগুৰি আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিক কালি নিশা আমনিত অভিযান চলাই ট্ৰাককেইখন জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে ট্ৰাককেইখনৰ চাৰিজনকৈ চালকক আটক কৰি গ্ৰেপ্তাৰ কৰে।

জব্দ কৰা ট্ৰাককেইখন হ’ল ক্ৰমে ইউ পি ২১ বি এন ৭৩৭৩, এম এল ০৫ টি ৫৭৮৫, ইউ পি ২১ চি এন ৩১৯৯ আৰু ইউ পি ২১ বি এন ৭৩০০ নম্বৰ।

পৰবৰ্তীসময়ত চামগুৰি প্ৰশাসন আৰু আবকাৰী বিভাগে সুৰাখিনি তদন্ত কৰি চামগুৰি ৰাজহ চক্ৰ বিষয়া সঞ্জীৱ দলৈই কাগজ পত্ৰত খেলিমেলি পোৱাত বিৱেৰসহ ট্ৰাককেইখন জব্দ কৰিবলৈ নিৰ্দেশ দিয়ে।

আনহাতে আবকাৰী বিভাগে ট্ৰাককেইখন জব্দ কৰাৰ লগতে ট্ৰাককেইখনৰ চালক চপন কুমাৰ দে, জাবেদ মালিক, কিচবাৰ আলি, বিচাৰদ আলিক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে যোৱা ২৩ জানুৱাৰী নিশা আৰক্ষীয়ে ছয়খনকৈ অবৈধ অৰুণাচলী সুৰা সৰবৰাহ ট্ৰাক জব্দ কৰিছিল ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here