খনামুখত গজলা আতাৰ তিৰোভাৱ তিথি উদযাপন

0
14

প্ৰাগজ্যোতিষ বাৰ্তা, খনামুখৰ পৰা ঈশ্বৰ মহন্ত, ২ ফেব্ৰুৱাৰীঃ শিৱসাগৰ জিলাৰ খনামুত অৱস্থিত শ্রীশ্রীআদ্যদেওপানী গজলা সত্ৰত যােৱা ২০ জানুৱাৰীত শ্রীশ্রীসৰু যদুমনিদেৱ গজলা আতাৰ তিৰােভাৱ তিথি পালন কৰা হয়।

উল্লেখ্য যে শ্ৰীমন্ত গােপালদেৱৰ কালসংহতি পন্থৰ বাৰজন আতাপুৰুষৰ অগ্রণী শ্রীশ্রীসৰু যদুমণিদেৱ গজলা আতাৰ তিৰােভাৱ তিথি উপলক্ষে পুৱা জাগৰণ গীত, প্রাতঃ প্রসংগ, দুপৰীয়া নাম-কীৰ্তন, পাঠ প্রসংগ, দিহানাম, মৃদংগীয়া গায়ন-বায়ান আদি অনুষ্ঠিত কৰা হয়।

ৰাতিলৈ শ্ৰীমন্ত গােপালদেৱ বিৰচিত অংকীয়া ভাওনা ‘গােপী উদ্ধৱ সংবাদ’ নাট প্রদর্শিত হয়।

নাট পৰিচালনা কৰে বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ সাধক, অৰুণ মহন্ত আৰু বেদান্ত নাথে।

এই অনুষ্ঠানত সত্ৰৰ সমূহ শিষ্যবর্গ, সুধীসমাজ আৰু ৰাইজৰ বিপুল সহায়-সহযােগিতাত সত্ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি দেৱ কুমাৰ মহন্তই সন্তুষ্টি প্রকাশ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here