গোগামুখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

1
2

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজি পৰা ললিত শইকীয়া, ২ ফেব্ৰুৱাৰীঃ ৩৪ সংখ্যক দ্বি _বাৰ্ষিক দেউৰী সাহিত্য সভাখনি ধেমাজি গোগামুখস্থিত বামচেনীয়া, শিক্ষাবিদ যতীন চন্দ্ৰৰ বৰদেউৰী ক্ষেত্ৰত সোমবাৰৰ পৰা অনুষ্ঠিত হয়।

বৃহস্পতিবাৰে চতুৰ্থ তথা শেষৰ দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ১৪ নং লখিমপুৰ লোক সভা সাংসদ প্ৰদান বৰুৱা, ধেমাজিৰ বিধায়ক ৰনোজ পেগুৱে।

উক্ত সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেমূল্যৱান বক্তব্য প্ৰদান কৰে।ভাষণত ভাষা সংস্কৃতি আৰু অসমৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰি আহিছে আৰু সমাধান কৰি যাব বুলিও মত প্ৰকাশ কৰে।

২৭,২৮ ,২৯আৰু ৩০ জানুৱাৰীত চাৰিদিনীয়া বৰ্নাঢ্য কৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৩৪ সংখ্যক দেউৰী সাহিত্য সভাস্থলিত উখল-মাখল পৰিবেশে বিৰাজমান কৰে।

দেউৰী সাহিত্যৰ অধিৱেশনত উত্তপূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ সাহিত্য প্ৰমীয়ে অংশ গ্ৰহণ কৰা পৰিলক্ষীত হয়৷

শিক্ষাবিদ প্ৰয়াত যতীনচন্দ্ৰ বৰদেউৰী সমন্নয় ক্ষেত্ৰ লোকে লোকাৰণ্য হৈ পৰে, খাদ্য আৰু প্ৰদৰ্শনী মেলাত বহু লোকৰ সমাগম ঘটে।

Facebook Comments

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here