প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা মুকুল বাইলুং, ৪ ফেব্ৰুৱাৰীঃ শিৱসাগৰ জিলাৰ নেছাৰ্চ বেকন ৰংপুৰ আঞ্চলিকৰ উদ্যোগত আৰু ১৫৪ নং চেঙেলিবাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহযোগত ২ ফেব্ৰুৱাৰীত ১৫৪ নং চেঙেলিবাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত পৰিৱেশ সজাগতা , ঘৰচিকা সংৰক্ষণ, বিশ্বৰ আৰ্দ্ৰ ভূমি দিৱস আৰু কুইজ প্ৰতিযোগিতা আয়োজন কৰা হয়।
শিশুসকলক লৈ মুকলিকৈ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
কুইজ প্ৰতিযোগিতাত যিগৰাকী শিশুৱে প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়ে তেওঁকে একোটাকৈ পুৰস্কাৰ দিয়া হয় ।
এই প্ৰতিযোগিতাত প্ৰেৰণা প্ৰিয়ৰ্দশণী বাইলুং ,ৰাহানা আলি আৰু গৰিয়সী গগৈয়ে বহু কেইটি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।
১৯৮২ চনত প্ৰতিষ্ঠা হোৱা নেছাৰ্চ বেকনে পৃথিৱীৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰা ঘৰচিকা সংৰক্ষণ , পৰিৱেশ সংৰক্ষণ আৰু আৰ্দ্ৰ ভূমি সংৰক্ষণ কৰা আদি কৰি বহু কেইটা কাৰ্য্যসূচী হাতত লোৱাৰ পৰিলক্ষিত হৈছে।
নেছাৰ্চ বেকনৰ মুখ্য সমন্বয়ৰক্ষ জেহেৰুদ্দিন খান , শিৱসাগৰ জিলা সমন্বয় ব্ৰজেন ফুকন আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক ভৰত বৰপাত্ৰ গোঁসাই গছ পুলি ৰোপণ কৰে ।
মুকলি সভাৰ সভাপতিত্ব কৰে প্ৰদীপ বৰ গোহাঁই। সভাত উপস্থিত থাকে ডঃ ক্ষীৰোদ গগৈ , আচান আলি , চিত্ৰ শিল্পী ৰিদিপ বৰুৱা , অধিক্তা দেৱজ্যোতি বৰুৱা, সাংবাদিক মিন্তু চাংমাই , প্ৰমোদ দিহিঙীয়া।
অতিথি ভাষণত উল্লেখ কৰে মানুহ জীৱ শ্ৰেষ্ঠ বুলি কোৱা হয়। মানুহে অন্যজীৱ জন্তুক যেনেদৰে হিংসা কৰে বনৰীয়া জীৱ জন্তুৱে মানুহক আমনি নকৰে।
বনৰীয়া জীৱৰ লগত মানুহৰ সংঘাত হোৱাৰ প্ৰধান মানুহেই জগৰীয়া বুলিও মন্তব্য কৰে।
বন ধ্বংস কৰাৰ ফলত বনৰীয়া জীৱ-জন্তৱে জনঅৰণ্যত প্ৰবেশ কৰিবলৈ মানুহেই বাধ্য কৰাইছে।
ফলত মানুহ আৰু জন্তুৰ মাজত সংঘাত বৃদ্ধি পাব ধৰিছে। এখন শান্তি পূৰ্ণ দেশ আশা কৰিবলৈ হ’লে মানুহে বন সংৰক্ষণ কৰাৰ বাহিৰে বিকল্প পথ নাই।
শতাধিক ছাত্র-ছাত্ৰী অভিভাৱকৰ উপস্থিতিত দিনটোৰ সকলো কাৰ্য্যসূচী সুচাৰুৰূপে অন্ত পৰে।