‘কা’ বাতিলৰ দাবীত মাৰ্ঘেৰিটাত আছুৰ মানৱ শৃংখল

0
6

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ৪ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই মাৰ্ঘেৰিটা বাসী ৰাইজৰ সহযোগত উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত এক প্ৰতিকি মানৱ শৃংশল কাৰ্যসূচী ৰূপায়ণ কৰে।

অধশতাধিক ৰাইজে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে ‘কা’ আমি নামানো জাতিদ্ৰোহী আইন বাতিল কৰক আদি ধ্বনি দি আকাশ বতাহ কঁপাই তোলে।

মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্তু গগৈয়ে ‘কা’ বিৰুদ্ধে অহিংস পন্থাৰে হৈ থকা সংগ্ৰামখন ‘কা’ বাতিল নোহোৱালৈকে অবিৰতভাৱে চলি থাকিব বুলি কোৱাৰ লগতে এই সংগ্ৰামখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰৰ ৰাইজৰ সহযোগিতা কামনা কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here